শিৱসাগৰ,18 মাৰ্চ : মগজুৰ জটিল ৰোগত আক্ৰান্ত শিৱসাগৰৰ পকা ঘাটৰ চাৰি বছৰৰ চাহিল আলী ৷ ডিব্ৰুগড় আৰু গুৱাহাটীত বিভিন্ন চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পাচতো কণমানিটোক সুস্থ কৰি তুলিব পৰা নাই দিন হাজিৰা কৰা দৰিদ্ৰ পিতৃ-মাতৃয়ে ৷ শীঘ্ৰেই চাহিলক উন্নত চিকিৎসাৰ বাবে বৰ্হি ৰাজ্যলৈ লৈ যোৱাৰ পৰামৰ্শও দিয়ে চিকিৎসকে৷ কিন্তু চাহিলৰ চিকিৎসাৰ নামত ইতিমধ্যে শেষ হৈছে দৰিদ্ৰ পিতৃ-মাতৃৰ হাতৰ ধন । ব্ৰেইন টিউমাৰত আক্ৰান্ত এই কণমানিটোৰ চিকিৎসাৰ বাবে এতিয়া প্ৰয়োজন কেইবালাখ টকাৰ ৷ সেয়েহে উপায়হীন হৈ পৰিছে পিতৃ-মাতৃ ।
মৃত্যু যন্ত্ৰণাত চাৰি বছৰৰ শিৱসাগৰৰ চাহিল - etv bharat assam
সহায় বিচাৰি জনতাক কাতৰ আহ্বান দৰিদ্ৰ পিতৃ-মাতৃৰ
মৃত্যু যন্ত্ৰণাত চাৰি বছৰৰ শিৱসাগৰৰ চাহিল
এতিয়া কেৱল আপোনাৰ অকণ সহায়ৰ বাবে বাট চাই ৰৈছে পৰিয়ালবৰ্গ । কোনো সুহৃদ লোকে ইচ্ছা কৰিলে চাহিলৰ পিতৃ চাহিদুৰ আলিৰ *DENA BANK* বেংকত থকাএকাউণ্ট নম্বৰ *173010033576*আৰু IFSC Code *BKDN0911730* ত ধন জমা দি নিশ্চিত মৃত্যুৰ গৰাহৰ পৰা কণমানিটোক ৰক্ষা কৰাৰ দায়িত্ব ল'ব পাৰে । পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ ৯৭০৬৩১১৩৫৭ নম্বৰৰ যোগেদি আপুনি যোগাযোগ কৰিব পাৰিব ৷