শিৱসাগৰ,7 জুন : শিৱসাগৰৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত হলগুৰিত দেওবাৰে পুৱা নিজৰ ঘৰৰ পুখুৰীত মৃত অৱস্থাত উদ্ধাৰ হৈছিল এটি 5 বছৰীয়া কন্যা শিশু ৷ পুৱাৰ ভাগত আইতাকে শোৱাৰ পৰা উঠি পুখুৰীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল শিশুটিৰ মৃতদেহ । ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাচতে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে শিশুটিৰ নিৰুদিষ্ট মাতৃৰ সন্ধানত পুখুৰীত অভিযান চলায় যদিও পুখুৰীত মাতৃগৰাকীক নাপালে আৰক্ষীয়ে ।
ইফালে নিজ মাতৃয়েই কন্যাক হত্যা কৰি পুখুৰীত পেলাই থোৱাৰ সন্দেহ প্ৰকাশ কৰিছিল পৰিয়ালৰ লোকে । অৱশেষত দেওবাৰৰ দিনটোতেই নাজিৰাৰ সমীপত জয়সাগৰ আৰক্ষীয়ে নিৰুদিষ্ট মাতৃক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ শেহতায়াকৈ আৰক্ষীৰ তদন্ত আৰু মাতৃৰ স্বীকাৰোক্তিৰ ভিত্তিত পোহৰলৈ আহিল এক ভয়ংকৰ তথ্য । পৰকীয়া প্ৰেমৰ বাবে মাতৃয়ে প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিছিল পাঁচ বছৰীয়া কণমানিজনীক ।