অসম

assam

ETV Bharat / state

Child marriage case : প্ৰেমৰ চলনাৰে শিৱসাগৰৰ পৰা চৰিফুল ইছলামে পলুৱাই নিলে নাবালিকাক - আকৌ ৰাজ্যত বাল্যবিবাহৰ প্ৰসংগ

শিৱসাগৰত সংঘটিত হৈছে আন এক বাল্যবিবাহৰ ঘটনা (Child marriage case) ৷ চাৰিগৰাকী বিয়া পতা অভিযুক্ত চৰিফুলে পলুৱাই নিলে এগৰাকী 16 বছৰীয়া নাবালিকাক । আৰক্ষী থানাত দিয়া এজাহাৰৰ 72 ঘণ্টা পাৰ হোৱাৰ পাচতো শিৱসাগৰ আৰক্ষীয়ে কাণসাৰ নিদিয়াৰ অভিযোগ পৰিয়ালৰ লোক ৷

Child marriage case
শিৱসাগৰত বাল্যবিবাহৰ ভয়ংকৰ পৰিণতি

By

Published : May 15, 2023, 6:37 PM IST

শিৱসাগৰত বাল্যবিবাহৰ ভয়ংকৰ পৰিণতি

শিৱসাগৰ, 15 মে’ :আকৌ ৰাজ্যতবাল্যবিবাহৰ প্ৰসংগ (Child marriage case)৷ চাৰিগৰাকীকৈ পত্নী থকাৰ পাচতো এজন যুৱকে পলুৱাই নিলে এইবাৰ এগৰাকী 16 বছৰীয়া নাবালিকাক ৷ এই ঘটনাটো সংঘটিত হৈছে শিৱসাগৰj নগৰ ধাইআলিত । ইফালে ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে শিৱসাগৰ আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ ৷ এই এজাহাৰ দাখিল কৰা 72 ঘণ্টাৰ পাচতো শিৱসাগৰ আৰক্ষীয়ে কোনো কাণসাৰ নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷

বিৱৰণি অনুসৰি, শিৱসাগৰৰ নগৰৰ ধাইআলিত ভাৰাতীয়া হিচাবে আছিল দিন হাজিৰা কৰি চলি থকা এটা পৰিয়াল ৷ এই পৰিয়ালটোৰে এগৰাকী 16 বছৰীয়া নাবালিকাক প্ৰেমৰ জালত পেলায় অভিযুক্ত চৰিফুল ইছলামে। অভিযুক্ত চৰিফুল ইছলামৰ ঘৰ নগাঁও জিলাৰ ৰূপহীত । জানিব পৰা মতে, ইতিমধ্যে অভিযুক্ত চৰিফুল ইছলাম চাৰিবাৰকৈ বিবাহ পাশত আবদ্ধ হৈছে ৷ আনকি এটা ল’ৰা সন্তানৰো পিতৃ অভিযুক্ত চৰিফুল ।

যোৱা শুকুৰবাৰে দিনত চৰিফুল ইছলামৰ পূৰ্বৰ পত্নীয়ে নাবালিকাগৰাকীৰ মাতৃক ফোন কৰে ৷ তাৰ পাচত চৰিফুল ইছলাম পূৰ্বৰ পত্নীয়ে কয় যে নাবালিকাগৰাকীক চৰিফুল ইছলামে পলুৱাই কেৰালালৈ নিছে ৷ যাৰ ফলত চিন্তিত হৈ পৰে নাবালিকাগৰাকীৰ মাতৃসহ তেওঁৰ পৰিয়াল (Sivasagar Child marriage case) ৷

উপায়ন্তৰ হৈ নাবালিকাগৰাকীৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীৰ কাষ চাপে ৷ তাৰ পাচতে দাখিল কৰে এখন এজাহাৰ ৷ কিন্তু এই এজাহাৰ লাভ কৰাৰ পাচতো আৰক্ষীয়ে কোনো বিশেষ পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ৷

আনকি আৰক্ষীয়ে কোনো পদক্ষেপ নল’লে ভুক্তভোগী পৰিয়ালটোৱে সংবাদ মাধ্যমৰ কাষ চাপিব বুলি আৰক্ষীক উল্লেখ কৰে ৷ কিন্তু আৰক্ষীয়ে সংবাদ মাধ্যমৰ কাষ চপাত বাধা প্ৰদান কৰি আৰক্ষীৰ বদনাম হ’ব বুলি উল্লেখ কৰে ৷ এই কথা সংবাদ মাধ্যমৰ প্ৰকাশ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাল্যবিবাহ বন্ধ কৰিবলৈ তৎপৰ হৈছে ৷ লগতে বহু বিবাহৰ বাবে নতুন আইন আনিছে, তেনে সময়তে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত শিৱসাগৰ আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হোৱা এনে কথাবোৰ কিমান গ্ৰহণযোগ্য সেয়াহে বৰ্তমান বিচাৰ্যৰ বিষয় ৷

লগতে পঢ়ক :Minor suspected death: নাবালিকা বোৱাৰীৰ ৰহস্যজনক মৃত্যু ! স্বামীলৈ সন্দেহৰ আঙুলি

ABOUT THE AUTHOR

...view details