শিৱসাগৰ, 20 নৱেম্বৰ: সমগ্ৰ ৰাজ্যৰ লগতে শুকুৰবাৰে শিৱসাগৰতো ক’ভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ চৰকাৰী নিৰ্দেশনা মানি সূৰ্য্য উপাসনাৰ পৰ্ব ষট পূজা পালন কৰা হয় । জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে শিৱসাগৰ নগৰৰ থানাপট্টিৰ দিখৌ ঘাটত পূৰ্বোত্তৰ হিন্দুস্তানী যুৱ মঞ্চৰ উদ্যোগত শ্ৰী শ্ৰী সূৰ্যষষ্ঠী পূজা সমিতিয়ে ষট পূজাৰ আয়োজন কৰে ।
শিৱসাগৰত ষট পূজা উদযাপন - শিৱসাগৰ
ধর্মীয় আস্থাৰ পৰ্ব ষট পূজাত শিৱসাগৰ নগৰৰ দিখৌ ঘাটৰ লগতে দিখৌ আৰু দৰিকা নৈৰ পাৰত হেজাৰ হেজাৰ ভক্তৰ সমাগম ঘটে ।
শিৱসাগৰত ষট পূজা উদযাপন
শিৱসাগৰ নগৰৰ থানাপট্টিৰ দিখৌ ঘাটত ষট পূজাক লৈ এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয় । ধর্মীয় আস্থাৰ পৰ্ব ষট পূজাত শিৱসাগৰ নগৰৰ দিখৌ ঘাটৰ লগতে দিখৌ আৰু দৰিকা নৈৰ পাৰত হেজাৰ হেজাৰ ভক্তৰ সমাগম ঘটে । সূৰ্য দেৱতাৰ আৰাধনা কৰিবলৈ এই বছৰ ষট পূজা কমিটিযে ভক্তপ্ৰাণ ৰাইজক ক’ভিড প্ৰটকল মানি চলিবলৈ বিশেষ ভাবে আহ্বান জনোৱাৰ লগতে ঘাট সমূহত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷
লগতে পঢ়ক: দুলীয়াজান অধিৱেশনৰ লুৰিণজ্যোতি গগৈৰে বিশেষ সাক্ষাৎকাৰ