অসম

assam

ETV Bharat / state

ক'ভিড ৰোগীক খাদ্যৰ যোগান শিৱসাগৰৰ কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীৰ - কৰ'ণাৰ সংকট

কৰ'ণাৰ সংকটে ভয়াৱহ ৰূপ লোৱাৰ সময়তে আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াইছে শিৱসাগৰৰ কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীয়ে । হোম আইচ’লেশ্যনত থকা দৰিদ্ৰ আৰু অকলশৰীয়া লোকক বিনামূলীয়াকৈ খাদ্যৰ যোগান ধৰিছে বাপ্তিষ্ট মণ্ডলীৰ সদস্যসকলে ।

CENTRAL BAPTIST CHURCH HELPS COVID PATIENT
ক'ভিড ৰোগীক খাদ্যৰ যোগান শিৱসাগৰৰ কেন্দ্ৰীয় ব্যাপ্তিষ্ট মণ্ডলীৰ

By

Published : May 29, 2021, 9:53 PM IST

শিৱসাগৰ, ২৯ মে': মানৱ সেৱাই শ্ৰেষ্ঠ ধর্ম । এই বাণী সৰোগত কৰি কৰ'ণাত আক্ৰান্ত লোকক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে শিৱসাগৰৰ কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলী । ধর্মৰ উৰ্দ্ধত থাকি মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰা বহু লোক আজিও আমাৰ সমাজত আছে তাৰ প্ৰমাণ বিভিন্ন সময়ত পৰিলক্ষিত হৈছে ।

বর্তমান ক'ভিড মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰা শিৱসাগৰতো মানৱ সেৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে শিৱসাগৰৰ কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীয়ে । শিৱসাগৰ নগৰৰ ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পূৱ দক্ষিণ কোণত অৱস্থিত উত্তৰ-পূৰ্ৱাঞ্চলৰ ভিতৰতে আটাইতকৈ পুৰণি আৰু ১৭৫ বছৰীয়া বাপ্তিষ্ট মণ্ডলীৰ গীর্জাৰ সদস্যসকলে আর্তজনৰ বাবে সহায়ৰ হাত আগবঢ়াইছে । তেওঁলোকে এই কাৰ্যসূচীৰ নাম দিছে "প্রেমৰ হাত" ।

ক'ভিড ৰোগীক খাদ্যৰ যোগান শিৱসাগৰৰ কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীৰ

কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীৰ সম্পাদক ৰণি স্মিথৰ ইতিবাচক চিন্তাৰে মণ্ডলীৰ সদস্যসকল একত্ৰিত হৈ নগৰখনৰ মাজমজিয়াৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলৰ যি সকল দৰিদ্ৰ আৰু অকলশৰীয়া লোক কৰ'ণাত আক্ৰান্ত হৈ হোম আইচ’লেশ্যনত আছে, সেই সকলক দৈনিক এসাঁজ পুষ্টিকৰ খাদ্য যোগান ধৰি আছে । মণ্ডলীৰ সদস্য-সদস্যাসকলে নিজ গৃহতে নিজ হাতেৰে স্বাস্থ্যসন্মতভাৱে আহাৰ প্ৰস্তুত কৰে আৰু এই আহাৰ ৰোগীৰ ঘৰলৈ গৈ যোগান ধৰে ।

প্ৰভু যীশুৱে প্রেম আৰু শান্তিৰ বাণী বিলাই যিদৰে সমাজত এক সুস্থিৰ বাতাবৰণ থকা পোহৰৰ বাট দেখুৱাইছিল ঠিক সেই আদর্শৰে অনুপ্ৰাণিত হৈ খীষ্টান ধৰ্মাৱলম্বী এই লোকসকলে উদাৰতা আৰু প্ৰকৃত মানৱীয়তাৰ উদাহৰণ দাঙি ধৰিছে । মণ্ডলীৰ সম্পাদক ৰণি স্মিথে জনাইছে যে, কোনো অকলশৰীয়া লোকে ইচ্ছা কৰিলে "প্রেমৰ হাত"ৰ সৈতে যোগাযোগ কৰিব পাৰিব ।

লগতে তেওঁলোকে সহায় আগবঢ়াৱলৈ সাজু আছে বুলিও তেওঁ মন্তব্য কৰে । সহায়ৰ বাবে ক'ভিড ৰোগীক ৯৯৫৪৪৩১৬১৬, ৮৪০২৮০৮০৪৪, ৯১০১৬৩৭০০৩ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে মণ্ডলীৰ সম্পাদকগৰাকীয়ে ।

লগতে পঢ়ক:প্ৰতিষেধকৰ অভাৱৰ বিষয়ত চৰকাৰে জনসাধাৰণক উত্তৰ দিব লাগিব: প্ৰিয়ংকা

ABOUT THE AUTHOR

...view details