শিৱসাগৰ, ২অক্টোবৰ:তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শিৱসাগৰ কলেজৰ বছৰজোৰা মহাৰজত জয়ন্তী কাৰ্যসূচীৰ বুধবাৰে সামৰণি পৰে (75th foundation day of Sivasagar College)। ৩১ অক্টোবৰৰ পৰা আৰম্ভ হোৱা মহাৰজত জয়ন্তীৰ শেষৰ দিনাৰ কাৰ্যসূচী ৰূপে আজি পুৱা ৮ বজাত কলেজৰ প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলনৰ পাছতে কালিপ্ৰসাদ স্মৃতিভৱনৰ পৰা কলেজৰ চৌহদলৈ বাহেৰহনীয়া শোভাযাত্ৰা উলিওৱা হয় ।
ইয়াৰ পাছতে অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড৹ ননী গোপাল মহন্ত, সতী সাধনী বিশ্ববিদ্যালয়ৰ (Sati Sadhani University) উপাচাৰ্য জ্যোতিপ্ৰসাদ শইকীয়া, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, শিৱসাগৰ জিলা শিক্ষা বিষয়া কমল জ্যোতি গগৈৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
এই কাৰ্যসূচীৰ অংশৰূপে নিশা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় । এই তিনিদিনীয়া কাৰ্যসূচীত ৭৫ খন পতাকা উত্তোলন, প্ৰদৰ্শনী, গ্ৰন্থ উন্মোচন, অন্তৰংগ আলাপ,সাংস্কৃতিক অনুষ্ঠান আদিকে ধৰি ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হয় । উল্লেখ্য় যে ১৯৪৭ চনৰ ২ নৱেম্বৰত প্রতিষ্ঠা হোৱা শিৱসাগৰ কলেজে জন্মলগ্নৰে পৰাই অসমৰ উচ্চশিক্ষাৰ ক্ষেত্ৰখনত সৱল স্থিতিৰে এক সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছে ।