অসম

assam

ETV Bharat / state

Foundation day of Sivasagar College: ৩১ অক্টোবৰৰ পৰা শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান - মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান

অসমৰ উচ্চ শিক্ষাৰ অন্যতম বাটকটীয়া ঐতিহ্যমণ্ডিত শিৱসাগৰ কলেজে জ্ঞানৰ জেউতি বিলাই স্বগুণেৰে মহীয়ান হৈ বিগত ২০২১ বৰ্ষৰ ২ নৱেম্বৰত গৌৰৱোজ্বল ৭৫ বৰ্ষত উপনীত হয় (Celebration of 75th foundation day of Sivsagar College)। আগন্তুক ৩১ অক্টোবৰ, ১ আৰু ২ নৱেম্বৰত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে মহাবিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।

Celebration of 75th foundation day of Sivsagar College
শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তীৰ সামৰণি

By

Published : Oct 22, 2022, 10:02 PM IST

শিৱসাগৰ, 22 অক্টোবৰ: অসমৰ উচ্চশিক্ষাৰ অন্যতম বাটকটীয়া ঐতিহ্যমণ্ডিত শিৱসাগৰ কলেজে জ্ঞানৰ জেউতি বিলাই স্বগুণেৰে মহীয়ান হৈ বিগত ২০২১ বৰ্ষৰ ২ নৱেম্বৰত গৌৰৱোজ্বল ৭৫ বৰ্ষত উপনীত হয় (Celebration of 75th foundation day of Sivasagar College) । সেইদিনাৰ পৰা অহা ২ নৱেম্বৰ, ২০২২ তাৰিখলৈকে বৰ্ষজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তী উদযাপন কৰা হৈছে ।

১৯৪৭ চনৰ ২ নৱেম্বৰত প্ৰতিষ্ঠা হোৱা শিৱসাগৰ কলেজে জন্মলগ্নৰে পৰাই অসমৰ উচ্চশিক্ষাৰ ক্ষেত্ৰখনত সৱল স্থিতিৰে এক সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে, বিগত 2021 বৰ্ষৰ 11 নৱেম্বৰত শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তীৰ উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত থাকি (Assam CM Dr Himanta Biswa Sarma) কলেজখনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ পদ্মধৰ চলিহা আৰু মূল খনিকৰ পৰাগ চলিহাৰ আবক্ষ মুৰ্ত্তি উন্মোচন কৰিছিল ৷ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ কথাও ঘোষণা কৰিছিল ৷

শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তীৰ সামৰণি

মহাবিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ সফল ৰূপায়ণৰ অন্তত আগন্তুক ৩১ অক্টোবৰ, ১ আৰু ২ নৱেম্বৰত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে । সামৰণি অনুষ্ঠানত কেইবাগৰাকীও বৰেণ্য সাহিত্যিক, শিক্ষাবিদৰ লগতে মুখ্য অতিথি ৰূপে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Cabinet Minister Sarbananda Sonowal ) উপস্থিত থাকিব ৷ লগতে অনুষ্ঠানটোৰ উদ্বোধকৰূপে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Minister Ranoj Pegu) উপস্থিত থাকিব ৷

মহাবিদ্যালয়খনৰ এই তিনিদিনীয়া মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান সফল কৰি তুলিবলৈ ইতিমধ্যে শিৱসাগৰ কলেজ কৰ্তৃপক্ষই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । এই তিনিদিনীয়া কাৰ্যসূচীত ৭৫ খন পতাকা উত্তোলন, প্ৰদৰ্শনী, গ্ৰন্থ উন্মোচন, অন্তৰংগ আলাপ, সাংস্কৃতিক অনুষ্ঠান আদিকে ধৰি ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বুলি আয়োজক মণ্ডলীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:মুখ্যমন্ত্ৰীয়ে লিপষ্টিক লগাই হৰ্ডিং লগাইছে, নবৌহঁতৰ লিপষ্টিক কিনিবলৈ পইচা নাই : ভূপেন বৰা

ABOUT THE AUTHOR

...view details