শিৱসাগৰ, 30 জানুৱাৰী :দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত উদযাপন কৰা হৈছে মে-ডাম-মে-ফি ৷ শিৱসাগৰৰ সমূহ টাই আহোম ৰাইজৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে মে-ডাম-মে-ফি। স্বৰ্গদেউ চাওলুং চুকাফাকে ধৰি পুলিন পোথাও সকলৰ স্মৃতি তৰ্পনৰ এই কাৰ্যসূচী দীৰ্ঘ দিনৰ বিৰতিত এইবাৰ ব্যাপক আড়ম্বৰ পূৰ্ণ ভাৱে শিৱসাগৰত উদযাপন কৰা হৈছে । বৃহত্তৰ ৰংপুৰ মে ডাম মে ফি উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই দুদিনীয়া কাৰ্যসূচীত পৰম্পৰাগত ভাবে আয়োজন কৰা বান ফি, ফুৰালুং পূজা আৰু মৈদাম তৰ্পণ আদি অনুষ্ঠানৰ লগতে আছে ভালেমান আকর্ষণীয় কাৰ্যসূচী ৷ বৃহস্পতিবাৰৰ কাৰ্যসূচীত চাফাই ,মৈদাম তৰ্পন আৰু পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত কৰা হয় । শুকুৰবাৰৰ দিনা মে ডাম মে ফি অনুষ্ঠানত উপস্থিত থাকিব অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া আৰু বিশিষ্ট সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱা আদিকে ধৰি একাধিক বিশিষ্ট ব্যক্তি ৷
শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত মে-ডাম-মে-ফি উদযাপন - celebrate me-dam-me-phi at sivsagar
শিৱসাগৰৰ সমূহ টাই আহোম ৰাইজৰ উদ্যোগত বৰ্ডিং খেল পথাৰত মে-ডাম-মে-ফি উদযাপন ৷ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই অনুষ্ঠান ৷
![শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত মে-ডাম-মে-ফি উদযাপন celebrate me-dam-me-phi at sivsagar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5901436-thumbnail-3x2-ghgfh.jpg)
শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত মে-ডাম-মে-ফি উদযাপন
শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত মে-ডাম-মে-ফি উদযাপন