শিৱসাগৰ,12মাৰ্চ:নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে উত্তাল শিৱসাগৰ ৷ শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত সাব্যস্ত হয় এই প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলে আছু কাৰ্যালয়ৰ সন্মুখৰ পৰা বাইক ৰেলী বাহিৰ কৰে ৷ শতাধিক কৰ্মীয়ে দৰিকাপাৰ হৈ কাথপাৰ, বাণমুখ হৈ দিছাংমুখলৈ বাইক ৰেলীৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গাঁওবাসীৰ মাজত সজাগতা সভা আয়োজন কৰে ৷
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে শিৱসাগৰত বাইক ৰেলী - নাগৰিকত্ব সংশোধনী আইনৰ বাবে সজাগতা
শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি জিলাখনৰ আছু কাৰ্যালয়ৰ সন্মুখৰ পৰা বাইক ৰেলী বাহিৰ কৰে ৷ প্ৰতিবাদকাৰীসকলে কা' বাতিলৰ দাবীত উত্তাল কৰি তোলে জিলাখনৰ ৰাজপথ ৷

কা বাতিলৰ দাবীত শিৱসাগৰত বাইক ৰেলী
কা বাতিলৰ দাবীত শিৱসাগৰত বাইক ৰেলী
প্ৰতিবাদকাৰীসকলে কা' বাতিল কৰক, বিজেপি চৰকাৰ হুচিয়াৰ, অসম চুক্তিৰ অমান্য মানি লোৱা নহ'ব আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে শিৱসাগৰ জিলাৰ ৰাজপথ ৷ অনাগত দিনত আইন বাতিলৰ দাবীত অধিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে ৷