অসম

assam

ETV Bharat / state

আমগুৰিত জনতাৰ হুংকাৰ - আমগুৰিত বিশাল প্ৰতিবাদ

জোনাই
জোনাইত প্ৰতিবাদ

By

Published : Jan 11, 2020, 4:54 PM IST

Updated : Jan 11, 2020, 8:16 PM IST

20:06 January 11

গোলাঘাটত প্ৰধানমন্ত্ৰী, বিত্তমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

গোলাঘাট, 11 জানুৱাৰীঃ গোলাঘাটত পুনৰ নাগৰিকত্ব সংশোধনী আইন বিৰুধী প্ৰতিবাদ । শুকুৰবাৰ অৰ্থাৎ 10 জানুৱাৰী পৰা আইন বলৱৎ হোৱাৰ পাচতে উত্তাল হৈ পৰে গোলাঘাট । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু চুতীয়া ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

19:14 January 11

নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে ধেমাজি, মৰাণত প্ৰতিবাদী কাৰ্যসূচী ৷ ধেমাজিত প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত

মৰাণত প্ৰতিবাদী কাৰ্যসূচী

ধেমাজি , ১১ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰ ধৰাবাহিক এমাহজোৰা আন্দোলন কেন্দ্ৰই নস্যাৎ কৰি শুকুৰবাৰে আইনখন বলবৎ কৰাক লৈ উত্তাল হৈ পৰে ৰাজ্য ভিন্ন প্ৰান্ত ৷ শনিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ধেমাজি সদৰত প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ 


 মৰাণ, ১১জানুৱাৰীঃ ৰাজ্যৰ ভিন্নৰ প্ৰান্তৰ লগতে মৰাণতো নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে আহোম গণ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী ৷ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত মিৰিহোলা উদয়ন সংঘ,উদিত সংঘ,লাচিত নগৰ অৰুণোদয় সংঘ আৰু মিৰিহোলা,মিলনপুৰ,লাচিত নগৰ,হাটখোলা আৰু মৰাণবাসী ৰাইজৰ সহযোগত শনিবাৰে গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

আৰু পঢ়কঃ নগাঁৱত চোঁচৰাই নি আটক প্ৰতিবাদকাৰীক

17:36 January 11

আমগুৰি দোপদৰত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৷

আমগুৰি দোপদৰত প্ৰতিবাদ

আমগুৰি, ১১ জানুৱাৰীঃ আমগুৰি দোপদৰত জনতাৰ চৰকাৰৰ বিৰুদ্ধে বিশাল প্ৰতিবাদ । নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত জনতাৰ হুংকাৰ শীৰ্ষক বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা, লোক-সাংস্কৃতিৰ সাধক কমলা গগৈ, লেখিকা জুৰি শইকীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি ৰাজু চেতীয়া ফুকন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা চন্দ্ৰ বৰুৱাৰ লগতে আমগুৰি কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত উপস্থিত থাকে ৷ 

16:59 January 11

জোনাইত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত

জোনাইত প্ৰতিবাদ

জোনাই, ১১ জানুৱাৰীঃ জোনাইত নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীত আছু আৰু অসম জাতীয়বাদী যুৱ-ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷ 

আৰু পঢ়কঃ CAA ৰ প্ৰতিবাদৰ মাজতে পশ্চিমবংগত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী

15:49 January 11

কলগাছিয়াত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰাক্তন বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে প্ৰতিবাদী কাৰ্যসূচীত ক্ষুৰধাৰ সমালোচনা শাসক পক্ষক

আমগুৰিত জনতাৰ হুংকাৰ

জনীয়া, 11 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শনিবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ উদ্যোগত কলগাছিয়াত জনতাৰ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে ৷  প্ৰতিবাদ কাৰ্যসূচীত সমাবেত হোৱা হাজাৰ হাজাৰ লোকৰ মাজত প্ৰাক্তন বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উদাক্ত ভাষণ প্ৰদান কৰে ৷ অসমীয়া ভাষা সংস্কৃতি চহকী কৰা সংখ্যালঘু জনসাধাৰণক মূল সুঁতিৰ পৰা নানা ধৰণৰ প্ৰৰোচনা আৰু সাম্প্ৰদায়িক বক্তব্যৰে ভাগ ভাগ নকৰিলেবলৈ শাসক পক্ষক সকীয়নি প্ৰদান কৰে মীৰা বৰঠাকুৰে । 

আনহাতে, ড৹ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু লোকক চাচা-মামা কোৱাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ড৹ শৰ্মা সংখ্যালঘুৰ ভাগিন-ভতিজা । বিজেপিৰ খাতাত ভোট নথকা দেখি অসমত বাংলাদেশী হিন্দুক আনিব বিচাৰিছে বুলি ক্ষুৰধাৰ সমালোচনা কৰে বিজেপি নেত্ৰী গৰাকীয়ে । 
 

Last Updated : Jan 11, 2020, 8:16 PM IST

ABOUT THE AUTHOR

...view details