অসম

assam

ETV Bharat / state

ম'হৰ মৃত্য়ুৱে শংকিত কৰিছে দিখৌমুখৰ পশুপালক সকলক - ম'হ

পোহনীয়া ম'হৰ মৃত্যুক কেন্দ্ৰ কৰি এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমগুৰিৰ দিখৌমুখৰ পশুপালক সকলৰ মাজত ৷ বৃহত্তৰ অঞ্চলটোত দুকুৰিৰো অধিক ম'হৰ মৃত্যু হৈছে বুলি জানিবলৈ দিয়ে পশুপালক সকলে ৷

ব্যাপক হাৰত হোৱা ম'হৰ মৃত্য়ু
ব্যাপক হাৰত হোৱা ম'হৰ মৃত্য়ু

By

Published : Aug 26, 2020, 3:22 PM IST

আমগুৰি, 26 আগষ্ট: বানৰ পাচত এইবাৰ আমগুৰিৰ দিখৌমুখত কোনো অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু ম'হৰ ৷ পোহনীয়া ম'হৰ মৃত্যুক কেন্দ্ৰ কৰি এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পশুপালক সকলৰ মাজত ৷ বৰ্তমানলৈ অচিন ৰোগত আক্ৰান্ত হৈ দুকুৰিৰো অধিক ম'হৰ মৃত্যু হৈছে বৃহত্তৰ অঞ্চলটোত ৷ দৈনিক দুটাৰ পৰা দহটা পৰ্যন্ত ম'হ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে পশুপালক সকলৰ পৰা ৷ পশু খাদ্যৰ সংকটে দেখা দিয়াৰ পাচতে ম'হৰ জাকৰ মাজত ভিন্ন ৰোগৰ লক্ষণে দেখা দিছে বুলি জানিবলৈ দিয়ে পশুপালক সকলে ৷

ব্যাপক হাৰত হোৱা ম'হৰ মৃত্য়ুৱে শংকিত কৰিছে দিখৌমুখৰ পশুপালক সকলক

ইয়াৰোপৰি সম্প্ৰতি আন এক সমস্যাই গা কৰি উঠিছে অঞ্চলটোত ৷ মৃত ম'হসমূহ অঞ্চলটোৰ পথাৰত মুকলিকৈ পেলাই দিয়াৰ লগতে বহু মৃত ম'হ নদীত পেলোৱাত অন্য এক ভয়ংকৰ বিপদৰ ফালে গতি কৰাৰ আশংকা প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে ৷ আনহাতে দুকুৰিৰো অধিক ম'হৰ মৃত্যু হোৱা স্বত্বেও জিলাখনৰ পশুচিকিৎসা বিভাগে দুটামান ঔষধ দিয়েই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ উল্লেখ্য যে, বৃহত্তৰ অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক লোকে ম'হ পালন কৰিয়েই হৈছে স্বাৱলম্বী ৷ তেনে স্থলত অচিন ৰোগত ম'হৰ মৃত্যুৱে বিপদ মাতি আনিছে গোৱাল সকললৈ ৷ ইমানৰ পাচতো কৃষি আৰু পশুপালন বিভাগে কোনো ব্যৱস্থা গ্ৰহন নকৰাত সম্প্ৰতি ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক:বৰ্তমান কংগ্ৰেছ দলত নেতৃত্বৰ অভাৱ : শিলাদিত্য দেৱ

ABOUT THE AUTHOR

...view details