অসম

assam

By

Published : Nov 30, 2019, 7:24 PM IST

ETV Bharat / state

কৃতী শিক্ষক ব্ৰজেন বৰালৈ বাল্য ভৱনৰ বিশেষ সন্মান

শিৱসাগৰৰ কৃতী শিক্ষক ব্ৰজেন বৰালৈ বাল্য ভৱনৰ ২০১৯ বৰ্ষৰ কৃতী শিক্ষক বঁটা ৷ উজনি অসমৰ এখন অন্যতম অসমীয়া মাধ্যমৰ বিদ্যালয় যোৰহাটৰ বাল্য ভৱনে দুবছৰৰ অন্তৰে অন্তৰে একোজন কৃতিমান শিক্ষকক প্ৰদান কৰি আহিছে এই বিশেষ সন্মান ৷

ETV BHARAT
কৃতী শিক্ষক ব্ৰজেন বৰালৈ বাল্য ভৱনৰ বিশেষ সন্মান

যোৰহাট,30 নৱেম্বৰ:উজনি অসমৰ এখন লেখত ল'বলগীয়া অসমীয়া মাধ্যমৰ বিদ্যালয় যোৰহাটৰ বাল্য ভৱন ৷ শিক্ষাৰ ক্ষেত্ৰত বিশেষ সুনাম থকা বাল্য ভৱনে দুবছৰৰ অন্তৰে অন্তৰে একোজন কৃতিমান শিক্ষকক প্ৰদান কৰি আহিছে বিশেষ সন্মান ৷ ২০১৯ বৰ্ষৰ বাবে বাল্য ভৱনে এই সন্মান প্ৰদান কৰিব শিৱসাগৰৰ কৃতী শিক্ষক ব্ৰজেন বৰাক ৷ লখিমী নগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ব্ৰজেন বৰালৈ আগবঢ়োৱা এনে সন্মানৰ খবৰে আনন্দিত কৰিছে বিদ্যালয়খনৰ শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীসকলক ৷

কৃতী শিক্ষক ব্ৰজেন বৰালৈ বাল্য ভৱনৰ বিশেষ সন্মান

অহা ১৫ ডিচেম্বৰত যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত বিশেষ অনুষ্ঠানত ব্ৰজেন বৰাক এই সন্মান আনুষ্ঠানিকভাৱে প্ৰদান কৰিব মহাকাশ বিজ্ঞানী তথা বাল্য ভৱনৰ প্ৰাক্তন ছাত্ৰ ডঃ জিতেন্দ্ৰনাথ গোস্বামীয়ে ৷ উল্লেখ্য যে, ব্ৰজেন বৰাৰ নেতৃত্বত লখিমী নগৰ মধ্য ইংৰাজী বিদ্যালয়খন জিলাখনৰ এখন অন্যতম বিদ্যালয় হিচাপে পৰিগণিত হৈছে ৷

লগত পঢ়কঃ হোজাইত জব্দ বৃহৎ পৰিমাণৰ জালনোটসহ হস্ত নিৰ্মিত বন্দুক

ABOUT THE AUTHOR

...view details