অসম

assam

By

Published : Jan 16, 2022, 10:39 PM IST

Updated : Jan 17, 2022, 7:27 AM IST

ETV Bharat / state

চকুৰ আগতে ভাঙি চূৰমাৰ হ'ল কোটি টকীয়া দলং

হঠাৎ ভাঙি চূৰমাৰ হ'ল শিৱসাগৰ জিলাৰ বকতা অঞ্চলৰ 13 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন দলং(Bridge broken in Sivasagar) ৷

Bridge broken in Sivasagar
চকুৰ আগতে ভাঙি চুৰমাৰ হ'ল কোটি টকীয়া দলং

শিৱসাগৰ, 16 জানুৱাৰী : পলকতে ভাঙি চূৰমাৰ হ'ল প্ৰায় 13 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন দলং(Bridge broken in Sivasagar) ৷ উল্লেখ্য যে, শিৱসাগৰ জিলাৰ চেপন চূণপোৰা পথৰ সমীপৰ দিচাং নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল উক্ত দলংখন ৷ জানিব পৰা মতে ১৯৭৫ চনতে এই দলংখন নিৰ্মাণ কৰা হৈছিল(Sivasagar bridge was constructed in 1975) ৷

দেওবাৰে পুৱা প্ৰায় ৯ বজাত এখন শিল ভৰ্ত্তি ডাম্পাৰ পাৰ হোৱাৰ সময়তে ভাগি পৰে দলংখন ৷ বকতা অঞ্চলৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ সমল এই দলংখন ৷ সম্প্ৰতি অতিকৈ প্ৰয়োজনীয় দলংখন ভাগি পৰাত এতিয়া ছাত্ৰ-ছাত্ৰী, ৰোগীৰ লগতে বৃহত্তৰ অঞ্চলটোৰসাধাৰণ লোকে যাতায়তৰ বাবে নিশ্চিত ৰূপত সমস্যাত ভুগিব লাগিব । এই ঘটনা সংঘটিত হোৱাৰ পিছতো ঘটনাস্থলীত শিৱসাগৰ জিলা প্ৰশাসন তথা নাজিৰা প্ৰশাসন উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে ৷

চকুৰ আগতে ভাঙি চুৰমাৰ হ'ল কোটি টকীয়া দলং

আনহাতে, উক্ত দলংখন ভঙাৰ পিছত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ তথা ৰাইজে মিলি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ৷ যোগেন মহন হাই হাই, সুশান্ত বৰগোঁহাই হাই হাই আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ তথা ৰাইজে পৰিৱেশ উত্তাল কৰে(Sivasagar people protest against Assam government ) ৷

লগতে পঢ়ক :বাৰিষাৰ আৰম্ভণিতে ভাঙিল দুখন জিলা সংযোগী বাঁহৰ দলং

Last Updated : Jan 17, 2022, 7:27 AM IST

ABOUT THE AUTHOR

...view details