শিৱসাগৰ,4 জানুৱাৰী: ব্ৰহ্মপুত্ৰৰ উপৰত বিজ্ঞানভিত্তিক অধ্যয়নৰ লগতে নদী কাষৰীয়া মানুহৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰ আৰু জল শক্তি মন্ত্ৰালয়ৰ অধীনত 2020 বৰ্ষৰ 23 ডিচেম্বৰত আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযানৰ দল দেওবাৰে আহি শিৱসাগৰত উপস্থিত হয় ৷ দেওবাৰে বিয়লি শিৱসাগৰৰ দিখৌমুখৰ স'ৰাগুৰি চাপৰিত দলটো আহি উপস্থিত হয় ৷
দলটোক নেতৃত্ব প্ৰদান কৰি অনা সুহাসিনী শ্বেখাৱটে কয় যে 23 ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ গেলিঙৰ পৰা আৰম্ভ কৰা তেওঁলোকৰ এই যাত্ৰা বাংলাদেশ সীমান্তৰ ধুবুৰীত শেষ হ'ব ৷ শ্বেখাৱটে জানিবলৈ দিয়ে যে যাত্ৰা আৰম্ভ কৰাৰ পাছতে তেওঁলোকে নৈপৰীয়া জীৱনশৈলী, সংস্কৃতি আদিৰ বিষয়ে অধ্যয়ন কৰা উপৰিও নৈ পৰীয়া লোক সকলৰ সৈতে মত বিনিময়তো অংশ লৈছে ৷