আমগুৰি/মাজুলী, 22 জুন :প্লাষ্টিকৰ নাও সাজি ব্ৰহ্মপুত্ৰত যাত্ৰা কৰা ডিব্ৰুগড়ৰ বুমনি মঙলবাৰে উপস্থিত হ’ল মাজুলীত ৷ মাজুলীত উপস্থিত হোৱাৰ পাছত মাজুলী পৰ্যটনৰ জড়িত একাংশ যুৱকে গামোচা পিন্ধাই আদৰনি জনায় যুৱকজনক ।
উল্লেখযোগ্য যে, প্ৰায় ১৬০০ পেলনীয়া প্লাষ্টিকৰ বটলৰ(plastic bottle) পৰা এখন সৰু নাও সাজি উলিয়াইছিল ডিব্ৰুগড়ৰৰ বুমনিয়ে ৷ নাওখন নিৰ্মাণ হোৱাৰ পিছত সম্প্ৰতি সেই টুলুঙা সৰু নাওখনৰে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যাত্ৰা কৰিছে বুমনি নামৰ এজন যুৱকে । যি সময়ত বানৰ আগমনৰ লগে লগে ফেনে ফুটুকাৰ মহাবাহু ব্ৰহ্মপুত্ৰ ওফন্দি উঠিছে, সেই সময়তে নদীৰ বুকুৱেদি বগীবিলৰ পৰা মাজুলীলৈ দু:সাহসিক যাত্ৰা চলাইছে যুৱকজনে ।
এই যুৱকজনৰ বুকুত এটাই সপোন, ব্ৰহ্মপুত্ৰ নদীখন এদিন প্লাষ্টিক মুক্ত হ’ব ৷ মূলত ব্ৰহ্মপুত্ৰ নদীক প্লাষ্টিক তথা প্ৰদূষণমুক্ত কৰাৰ বাবে সমগ্ৰ অসমতে সজাগতা মূলক বাণী বিলোৱাৰ উদ্দেশ্যে সোমবাৰৰ পৰা নিজা প্ৰচেষ্টাৰে ডিব্ৰুগড় জিলাৰ বগীবিলৰ পৰা যাত্ৰা আৰম্ভ কৰিছে যুৱক জনে ৷ প্ৰায় ১২ ঘন্টাৰ বিপদ সংকুল যাত্ৰা অতিক্ৰম কৰি শিৱসাগৰ দিচাংমুখৰ অফলাৰ লুইতৰ চাপৰিত তেওঁ সোমবাৰৰ নিশাটো যাপন কৰে ।