শিৱসাগৰ,২২জুন: শিৱসাগৰ জিলাৰ কুঁজিবালি হাঁহচৰাত দিখৌ নদীত পৰি এজন যুৱকৰ সলিল সমাধি । ফেনেফুটুকাৰে ভৰি থকা দিখৌ নদীত খৰি ধৰিবলৈ গৈ সোমবাৰে মৃত্যুক আঁকোৱালি ললে ৰাতুল স্বৰ্ণকাৰ নামৰ এজন যুৱকে । মঠাউৰিৰ লগত বাঢ়নি পানীৰ স্তৰ সমান হৈ থকাত পানীৰ কোনো উমান নাপাই নদীৰে উটি অহা খৰি ধৰিবলৈ গৈ দিখৌত ডুব যায় ৰাতুল নামৰ যুৱকজন ।
শিৱসাগৰৰ কুঁজিবালিত যুৱকৰ সলিল সমাধি - dikhow river
শিৱসাগৰ জিলাৰ কুঁজিবালি হাঁহচৰাৰ এক শোকাবহ ঘটনা । দিখৌ নৈত পৰি ৰাতুল স্বৰ্ণকাৰ নামৰ এজন যুৱকৰ সলিল সমাধি।
![শিৱসাগৰৰ কুঁজিবালিত যুৱকৰ সলিল সমাধি boy death in sivsagar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7726075-390-7726075-1592837258907.jpg)
শিৱসাগৰৰ কুঁজিবালিত যুৱকৰ সলিল সমাধি
শিৱসাগৰৰ কুঁজিবালিত যুৱকৰ সলিল সমাধি
ঘটনাস্থলীত উপস্থিত হোৱা একাংশ লোকে নদীত যুৱকজনৰ সন্ধান চলালে যদিওঁ মৃত অৱস্থাতহে যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । যুৱকজনৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ।