অসম

assam

ETV Bharat / state

শিৱসাগৰত শিক্ষাবিদ সোণাৰাম বৰুৱাৰ অভিনন্দন গ্ৰন্থ উন্মোচন

শিৱসাগৰত গ্ৰন্থ উন্মোচনী সভা ৷ শিক্ষাবিদ, সু-সাহিত্যক সোণাৰাম বৰুৱাৰ 'অভিনন্দন' গ্ৰন্থ উন্মোচনী অনুষ্ঠান সম্পন্ন ৷ ক'ভিড-19 ৰ চৰকাৰী সমূহ নীতি-নিৰ্দেশনা মানি চলি অনুষ্ঠিত হয় সভাখন ৷

By

Published : Oct 28, 2020, 5:26 PM IST

Book Released In Sivsagar
শিৱসাগৰত শিক্ষাবিদ সোণাৰাম বৰুৱাৰ অভিনন্দন গ্ৰন্থ উন্মোচন

শিৱসাগৰ, 28 অক্টোবৰ : শিৱসাগৰত বুধবাৰে জিলা সাহিত্য সভা আৰু ৰংপুৰ সাহিত্য সভাৰ যৌথ উদ্যোগত শিক্ষাবিদ,সু-সাহিত্যক সোণাৰাম বৰুৱাৰ 'অভিনন্দন' গ্ৰন্থ উন্মোচনী অনুষ্ঠান সম্পন্ন কৰে ৷ অসম সাহিত্য সভাৰ এগৰাকী আজীৱন সদস্য,চিন্তাশীল লেখক,শিক্ষাবিদ সোণাৰাম বৰুৱাৰ জীৱন আৰু কৃতী বিষয়ক এখনি অভিনন্দন গ্ৰন্থ ৰংপুৰ সাহিত্য সভাই প্রকাশ কৰি উলিয়াইছে ।

শিৱসাগৰত শিক্ষাবিদ সোণাৰাম বৰুৱাৰ অভিনন্দন গ্ৰন্থ উন্মোচন

উক্ত গ্রন্থখন শিৱসাগৰ জিলা সাহিত্য সভা আৰু ৰংপুৰ সাহিত্য সভাৰ যৌথ উদ্যোগত শিৱসাগৰ বৰ পুখুৰীৰ পাৰত অৱস্থিত যুৱদল প্ৰেক্ষাগৃহত ক'ভিড-19 ৰ চৰকাৰী সমূহ নীতি-নিৰ্দেশনা মানি চলি অনুস্থিত হৈ যায় । উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বলন আৰু মংগলাচৰণ কৰে দিছিয়াল সত্রৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই ।

অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকে জিলা উপায়ুক্ত লক্ষীনন্দন গগৈ। একেদৰে বিশিষ্ট সাহিত্যিক,ভাষাবিদ,আভিধানিক ড৹ বসন্ত কুমাৰ গোস্বামীয়ে সোণাৰাম বৰুৱা অভিনন্দন শীর্ষক গ্রন্থখনি উন্মোচন কৰে। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে অনুষ্ঠানৰ শুভ আৰম্ভণি কৰা হয়। উপস্থিত বিশিষ্ট অতিথি সকলে অসমীয়া,ভাষা,সাহিত্য,সংস্কৃতিৰ ওপৰত এক আলোকপাত কৰে ।

লগতে পঢ়ক :টেট উত্তীৰ্ণ ডিএলএড প্ৰশিক্ষাৰ্থীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details