অসম

assam

ETV Bharat / state

ব'লব'ম যাত্ৰাৰ শুভ ক্ষণত উকা হৈ ৰৈছে শিৱদৌল - sivsagar

দেৱাদি দেৱ শিৱৰ ওপজা মাহত উকা হৈ ৰৈছে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল ৷ ক'ভিড মহামাৰীৰ বাবে শিৱদৌলত নাই ভক্তৰ সমাবেশ ৷ দৌল প্ৰাংগণত বিৰাজ কৰিছে নিতাল-নিস্তব্ধতাই ৷

bolbom-called-off-due-to-corona-shivadoul-witnesses-no-footfall-of-devotess
ব'লব'ম যাত্ৰাৰ শুভক্ষণত উকা হৈ ৰৈছে শিৱদৌল

By

Published : Jul 19, 2021, 6:02 PM IST

শিৱসাগৰ,19 জুলাই : অসমীয়া দিনপঞ্জী অনুসৰি দেওবাৰৰ পৰা আৰম্ভ হৈছে পবিত্ৰ শাওণ মাহ ৷ হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি শাওণ মাহটোতে শিৱৰ জন্ম অর্থাৎ আবিৰ্ভাৱ বুলি মানি অহা হৈছে ৷ যাৰ পৰিপেক্ষিতত এই শাওণ মাহতে ৰাজ্যৰ লগতে বহিঃ ৰাজ্যৰ অগণন ভক্তই পবিত্ৰ ব'লব'মৰ বাবে প্ৰতি বছৰেই ভিৰ কৰেহি শিৱসাগৰ ঐতিহাসিক শিৱদ'লত ৷ কিন্তু এইবাৰ ক'ভিড প্ৰ'টকলৰ বাবে ব'লব'মত উকা হৈ ৰ'ল ঐতিহাসিক শিৱসাগৰৰ শিৱদৌল ৷

প্ৰচলিত ৰীতি অনুসৰি শাওণ মাহৰ প্ৰতিটো দেওবাৰে সন্ধিয়া গেৰুৱা বস্ত্ৰ পৰিধান কৰি ভক্তপ্ৰাণ ৰাইজে পদযাত্ৰা কৰি দিচাংমুখ আৰু বৰ লুইতৰ পৰা ঘটত জল সংগ্ৰহ কৰি পুনৰ পদযাত্ৰা কৰি পুৱতি নিশা উপস্থিত হয়হি শিৱদ'ল প্ৰাংগণত ৷ ঢল পুৱাতে সেই জল শিৱ লিংগত ঢালি পূজা অৰ্চনাত ব্যস্ত হৈ পৰে ভক্ত সকল ৷ কিন্তু মহামাৰী ক'ভিডে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ বাবেই এইবাৰ স্থগিত হয় পৰম্পৰাগতভাৱে চলি অহা ব'লব'ম উৎসৱ ৷ ভক্তপ্ৰাণ ৰাইজৰ অনুপস্থিতিত উকা হৈ ৰৈছে দ'লৰ চৌহদ ৷

ব'লব'ম যাত্ৰাৰ শুভক্ষণত উকা হৈ ৰৈছে শিৱদৌল

উল্লেখ্য যে, হিন্দু ধৰ্মৰ তেত্ৰিশ কৌটি দেৱতাৰ ভিতৰত শিৱই হৈছে একমাত্ৰ দেৱতা যি জনে অলপতে সন্তুষ্ট হয় বুলি এক জন বিশ্বাস প্ৰচলিত হৈ আহিছে ৷ যাৰ বাবে শিৱ সত্য, শিৱ ৰুদ্ৰ, শিৱ শ্ৰেষ্ঠ বুলি জ্ঞান কৰা হয় ৷ পবিত্ৰ শাওণ মাহত প্ৰতিবছৰে শিৱদৌলত পালন কৰি অহা ব'লব'ম উৎসৱ এইবাৰ স্তব্ধ হৈ পৰাৰত শিৱদৌল চৌহদত এতিয়া শাৰী শাৰী ভক্তৰ সমাবেশৰ বিপৰীতে বিৰাজ কৰিছে নিস্তব্ধতাই ৷

ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই বৰ্ষত দৌলত ব'লব'ম স্থগিত ৰখা গৈছে বুলি উল্লেখ কৰি সমূহ ভক্তপ্ৰাণ ৰাইজক সহযোগিতা কৰিবলৈ আহ্বান জনাইছে শিৱদৌল উন্নয়ন সমিতিয়ে ৷ পৰিস্থিতি সুস্থিৰ হ’লে পুনৰ অব্যাহত থাকিব এই প্ৰচলিত পৰম্পৰা ৷

লগতে পঢ়কঃগ্ৰাহকৰ সন্মুখতে বিভাগীয় বিষয়াক কৈফিয়ত বিচাৰিলে শক্তিমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details