আমগুৰি, ৫ জানুৱাৰী: অৱশেষত আৰক্ষীৰ জালত পৰিল সদৌ অসম নিবনুৱা সুৰক্ষা সন্থাৰ শিৱসাগৰৰ স্বয়ম্ভু জিলা সভাপতি অপূৰাজ শৰ্মা । মঙলবাৰে এখন দেশীয় সুৰাৰ বিপণীৰ স্বত্বাধিকাৰীৰ পৰা দাবী কৰা ধন নিবলৈ আহোতেই অপুৰাজক হাতে-লোটে কৰায়ত্ত কৰে আৰক্ষীয়ে । নিজকে সদৌ অসম নিবনুৱা সুৰক্ষা সন্থাৰ জিলা সভাপতি বুলি পৰিচয় দি তিনিজন ভুৱা সাংবাদিকৰ সৈতে লগ হৈ মঙলবাৰে গৌৰীসাগৰৰ চাৰিঙত থকা এখন দেশীয় সুৰাৰ বিপণীত বিদেশী সুৰা বিচাৰি অভিযান চলাইছিল ।
শিৱসাগৰত ধন দাবী কৰি আৰক্ষীৰ জালত সংগঠনৰ স্বয়ম্ভু নেতা - শিৱসাগৰত ধন দাবী
ভুৱা সাংবাদিকৰ সৈতে লগ হৈ ধন দাবী কৰি ৰোষত পৰিল স্বয়ম্ভু নেতা । শিৱসাগৰত দাবী কৰা ধন আনিবলৈ গৈ হাতে-লোটে কৰায়ত্ত হ'ল অপূৰাজ শৰ্মা । গৌৰীসাগৰৰ চাৰিঙত থকা এখন দেশীয় সুৰাৰ বিপণীৰ স্বত্বাধিকাৰীৰ পৰা এক লাখ টকা দাবী কৰিছিল সংগঠনৰ স্বয়ম্ভু নেতাজনে।
এই অভিযানকাৰী দলটোত আবকাৰী বিষয়া নাছিল । পূৰ্ব পৰিকল্পিতভাৱে দাবী কৰা ধন নিবলৈ আহিছিল শৰ্মা এণ্ড কোম্পানী । কিন্তু দশা বেয়া আছিল স্বয়ম্ভু নেতাৰ । দাবী কৰা নিবলৈ আহোতেই শিৱসাগৰ আৰু গৌৰীসাগৰ আৰক্ষীয়ে স্বয়ম্ভু নেতা অপুৰাজ শৰ্মাক গ্ৰেপ্তাৰ কৰে । জিলাখনৰ বহুকেইটা সংবাদ মাধ্যমৰ নাম লৈ সকলোকে মেনেজ কৰাৰ নামত ধন দাবী কৰিছিল অপুৰাজৰ লগতে তিনি ভুৱা সাংবাদিকে ।
ইয়াৰ পূৰ্বেও বিভিন্নজনৰ পৰা ধন দাবী কৰি আহিছে শৰ্মা এণ্ড কোম্পানীয়ে । এইজন স্বয়ম্ভু নেতাক আৰক্ষীয়ে জেৰা চলালে ধন দাবী কৰা চক্ৰৰ লগতে ভুৱা সাংবদকৰ্মী জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ।
লগতে পঢ়ক:প্ৰথমবাৰৰ বাবে আৰ এছ এছৰ অনুষ্ঠানত অংশগ্ৰহণ অজন্তা নেওগৰ