আমগুৰি, ২১ মাৰ্চ :দেশত এতিয়া লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি ক্ৰমান্বয়ে আগবাঢ়িছে (Lok Sabha election 2024) । শাসক-বিৰোধী সকলোৱে নিজস্ব ৰণকৌশল সৃষ্টিত ব্যস্ত । এই ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়ি আছে শাসকীয় দল বিজেপি (BJP prepartion for Lok Sabha election 2024) । কিন্তু তাৰ মাজতে ৰাজ্যত দেখা গৈছে বিজেপিৰ অন্তঃকলহ । বিজেপি চৰকাৰৰ শাসনৰ মাজতে শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিত খহনীয়া দেখিবলৈ পোৱা গৈছে শাসনাধিষ্ঠিত দলটোৰ মাজত (BJP leader resigned in Najira constituency) ।
বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ (opposition parties leader Devabrat Saikia) সমষ্টিত বিজেপি যুৱ মৰ্চাৰ জয়মতী মণ্ডলৰ উপ-সভাপতি জোনমণি বড়া আৰন্ধৰাই কংগ্ৰেছ দলত যোগদান কৰে । নাজিৰাত বিজেপিত খহনীয়াৰ সৃষ্টি কৰি কংগ্ৰেছ দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিৰ পৰা কংগ্ৰেছ দলত যোগদান কৰে দোলাকাষৰীয়া গাঁও পঞ্চায়তৰ ১নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা জোনমণি বড়া আৰন্ধৰাই (BJP Yuva Marcha leader joined congress in Najira) ।
নাজিৰাৰ ৰাজীৱ ভৱনত বিজেপি কৰ্মীগৰাকীয়ে এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে যোগদান কৰে কংগ্ৰেছ দলত । উল্লেখ্য, নাজিৰাত বিজেপিত সাংগঠনিক ভেটি মজবুত কৰিবলৈ বিজেপি দলটোৱে প্ৰচেষ্টা অব্যাহত ৰখাৰ মাজতে দোলাকাষৰীয়া গাঁও পঞ্চায়তৰ ১নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা জোনমণি বড়া আৰন্ধৰাই কংগ্ৰেছ দলত যোগদান কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।