শিৱসাগৰ, 4 আগষ্ট :বৃহস্পতিবাৰেশিৱসাগৰত উপস্থিত হয় বিজেপিৰ সভাপতি ভৱেশ কলিতা(BJP president Bhabesh Kalita in Sivasagar) । দলীয় সাংগঠনিক দিশ পৰ্যবেক্ষণ কৰাৰ বাবে শিৱসাগৰ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ দলীয় সভাত অংশগ্ৰহণ কৰে সভাপতি কলিতাই ।
কা' আন্দোলনৰ ফলত কেৱল অসমৰ ক্ষতি হৈছে: ভৱেশ কলিতা "অহা ২৫ বছৰলৈ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ব । আমি নিৰ্দিষ্ট পৰিকল্পনা কৰিছো । কা আন্দোলনৰ ফলত কেৱল অসমৰ ক্ষতি হৈছে"- শিৱসাগৰত এই মন্তব্য প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ । ইফালে, কা' আন্দোলন কৰি কোনোবাই চাকৰি, কোনোবাই ঠিকা লোৱা বুলিও কটাক্ষ ভৱেশ কলিতাৰ ।
ৰাজ্যিক সভাপতি গৰাকীয়ে আৰু কয় যে, আকৌ কা আন্দোলন কৰি ৰাজহুৱা সম্পত্তি নষ্ট কৰিব পাৰিব, সময় নষ্ট কৰিব পাৰিব, তাৰ বাহিৰে একো কৰিব নোৱাৰে । বৰ্তমান অসমৰ ৰাইজ বিজেপি লগত থকা বুলিও দাবী ভৱেশ কলিতাৰ ।
ইপিনে, অসম চৰকাৰৰ কেবিনেটে শেহতীয়াকৈ তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষাত পাঠদানৰ ব্যৱস্থা কৰাৰ যি সিদ্ধান্ত লৈছে তাৰ প্ৰতি ৰাজ্যিক বিজেপিৰ পূৰ্ণ সমৰ্থন থকা বুলি স্পষ্ট কৰি দিয়ে । আজিৰ বৈঠকত বৈঠকত ভৱেশ কলিতাৰ উপৰিও শিৱসাগৰ জিলা সভাপতি ময়ূৰ বৰগোহাঁই, থাওৰাৰ বিধায়ক সুশান্ত বৰগোঁহাই, ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামী, সুভাষ দত্ত আদি উপস্থিত থাকে।
লগতে পঢ়ক :NESO advisor Samujjal Kumar Bhattacharjya: মৌলবাদী সংগঠনে অসমৰ বাবে ভাবুকি কঢ়িয়াই আনিছে