আমগুৰি, ১৮ জুন:শিৱসাগৰ জিলাৰ দুৰ্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দেওবাৰে অনুষ্ঠিত হয় বিজেপিৰ বিশাল কাৰ্যকৰ্তা সন্মিলন ৷ য’ত উপস্থিত আছিল ৰাষ্ট্ৰীয় বিজেপিৰ সভাপতি জেপি নাড্ডা ৷ কিন্তু ৰাষ্ট্ৰীয় সভাপতিৰ ভাষণ শুনিবলৈ সভাত নাথাকিল দলীয় কাৰ্যকৰ্তা ৷ যাৰ বাবে খালি চকীৰ সন্মুখতেই ভাষণ দিব লগীয়া হ’ল জেপি নাড্ডা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷
উল্লেখ্য যে, নৰেন্দ্ৰ মোদীৰ ৯ বছৰীয়া কাৰ্যকলাপ সম্পূৰ্ণ হোৱাৰ উপলক্ষে দিনৰ 11 বজাত দলীয় কৰ্মীসকলে মন কী বাত অংশ লয় ৷ ইয়াৰ পাচতেই অনুষ্ঠিত কৰা হয় কাৰ্যকৰ্তা সন্মিলন ৷ শিল্পী অনুষ্কা তৰংগিণীৰ মহাভাৰতৰ মহাশ্লোকেৰে আৰম্ভ কৰা সভাত আদৰণি ভাষণ আগবঢ়াই মন্ত্ৰী যোগেন মহনে ৷ ভাষণ প্ৰসংগত কংগ্ৰেছৰ তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে ৷ কিন্তু ইয়াৰ পাচত ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ভাষণ শুনিবলৈ উপস্থিত নাথাকিল ৰাইজ ৷