আমগুৰি,6 জানুৱাৰী : শিৱসাগৰৰ আমগুৰিত জিলা কিষাণ মৰ্চাৰ উদ্যোগত আৰু গৌৰীসাগৰ মণ্ডল সমিতিৰ সহযোগত মঙলবাৰে অনুষ্ঠিত হয় ‘বিজেপিৰ কৃষকৰ ঘৰলৈ কিষাণ মৰ্চা’ শীৰ্ষক মহাসম্পৰ্ক অভিযান ৷ আমগুৰি সমষ্টিত বিজেপিৰ দলীয় শক্তি প্ৰদৰ্শনেৰে শিৱসাগৰ জিলা কিষাণ মৰ্চাই বাইক আৰু ট্ৰেক্টৰেৰে ৰেলী উলিয়ায় আৰু কিষাণ মৰ্চা শীৰ্ষক মহাসম্পৰ্ক অভিযানৰ আৰম্ভণি কৰে ।
আমগুৰিত ‘বিজেপিৰ কৃষকৰ ঘৰলৈ কিষাণ মৰ্চা’ শীৰ্ষক ৰেলীৰ আয়োজন
মঙলবাৰে আমগুৰিত ‘বিজেপিৰ কৃষকৰ ঘৰলৈ কিষাণ মৰ্চা’ শীৰ্ষক মহাসম্পৰ্ক অভিযান সম্পন্ন ৷ বাইক আৰু ট্ৰেক্টৰেৰে ৰেলী উলিয়াই এই কাৰ্যসূচী ৰূপায়ন কৰে কিষাণ মৰ্চাই ৷
বিজেপি কিষাণ মৰ্চাৰ অভিযান
বিজেপিৰ কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হৰিপ্ৰসন্ন হাজৰিকাই উদ্বোধন কৰা কিষাণ মৰ্চা মহাসম্পৰ্ক অভিযানত বিজেপিৰ দুই শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ বিজেপি কৰ্মীসকলে খনামুখত সমাপ্ত কৰে এই ৰেলীৰ ৷ এই মহাসম্পৰ্ক অভিযানত অংশগ্ৰহণ কৰে বিজেপিৰ জিলা সম্পাদক প্ৰাঞ্জল কটকী, বিনীতা শইকীয়া দে’ৰ লগতে দলীয় কৰ্মীসকল ৷
লগতে পঢ়ক :বুধবাৰে অনুষ্ঠিত হ’ব তিৱা স্বায়ত্ব শাসিত পৰিষদৰ শপত গ্ৰহণ
Last Updated : Jan 6, 2021, 8:49 AM IST