অসম

assam

ETV Bharat / state

শিৱসাগৰত আছু আৰু অগপ কৰ্মীৰ বিজেপিত যোগদান - জাঁজীত ভাৰতীয়

আজি শিৱসাগৰৰ জাঁজীত ভাৰতীয় জনতা যুৱ মৰ্চা গৌৰী সাগৰ মণ্ডলৰ উদ্যোগত যোগদান কাৰ্যসূচীৰ আয়োজন । সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণ পৰিষদৰ ৫০ গৰাকী কৰ্মীয়ে গ্ৰহণ কৰিলে বিজেপিৰ সদস্যপদ ।

শিৱসাগৰত আছু আৰু অগপ কৰ্মীয়ে গ্ৰহণ কৰিলে বিজেপিৰ সদস্যপদ
শিৱসাগৰত আছু আৰু অগপ কৰ্মীয়ে গ্ৰহণ কৰিলে বিজেপিৰ সদস্যপদ

By

Published : Dec 10, 2020, 6:02 PM IST

আমগুৰি, ১০ ডিচেম্বৰ : শিৱসাগৰত আন ৰাজনৈতিক দলৰ লগতে ছাত্ৰ সংগঠনৰ সদস্যই পৰিধান কৰিছে গেৰুৱা বসন । বৃহস্পতিবাৰে আমগুৰি সমষ্টিৰ অন্তৰ্গত জাঁজী জামুগুৰি নাট্য মন্দিৰত ভাৰতীয় জনতা যুৱ মৰ্চা গৌৰী সাগৰ মণ্ডলৰ উদ্যোগত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । ভাৰতীয় জনতা যুৱ মৰ্চা, গৌৰী সাগৰ মণ্ডলৰ সভাপতি শ্ৰী জিতু নেওগৰ সভাপতিত্ব অনুষ্ঠিত সভাত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণ পৰিষদৰ ৫০ গৰাকী কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নীতি-আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ গেৰুৱা দলটোত যোগদান কৰে ।

উক্ত সভাত উপস্থিত থাকে গৌৰী সাগৰ মণ্ডল যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক জ্ঞানদ্বীপ শইকীয়া, সম্পাদক তন্ময় দুৱৰা, ভাৰতীয় জনতা পাৰ্টী শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কটকী, জিলা শিক্ষক কোষৰ আহ্বায়ক টুটু বৰঠাকুৰ, ৰাজ্যিক কাৰ্য নিৰ্বাহক সদস্যা বিনীতা শ‌ইকী‌য়া ।

শিৱসাগৰত আছু আৰু অগপ কৰ্মীয়ে গ্ৰহণ কৰিলে বিজেপিৰ সদস্যপদ

লগতে গৌৰীসাগৰ মণ্ডলৰ সাধাৰণ সম্পাদকদ্বয় ক্ৰমে বিপ্লৱ বৰুৱা, বিনন্দ দত্ত, গৌৰী সাগৰ মণ্ডলৰ সামাজিক মাধ্যম কোষৰ আহ্বায়ক বিকাশ কলিতা, গৌৰী সাগৰ মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী পাপুমণি বড়া, গৌৰী সাগৰ মণ্ডল যুৱ মৰ্চাৰ বিষয়ববীয়া, পঞ্চায়তৰ শক্তি কেন্দ্ৰ তত্বাৱধায়কসকলকে ধৰি কৰি দলীয় কাৰ্যকৰ্তাসকলো উপস্থিত থাকে । বিজেপিত যোগদান কৰা সকলো নৱাগত সতীৰ্থক ভাৰতীয় জনতা পাৰ্টী, শিৱসাগৰ জিলা সামাজিক মাধ্যম কোষৰ তৰফৰপৰা উষ্ম আদৰণি জনোৱা হয় ।

লগতে পঢ়ক:পত্নীক হানি-খুচি হত্যা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে

ABOUT THE AUTHOR

...view details