শিৱসাগৰ, 5 এপ্ৰিল:শিৱসাগৰত এখন সংবাদমেল সম্বোধন(Press meet of Sivsagar district BJP) কৰি বিজেপিৰ জিলা প্ৰভাৰী ৰূপম গোস্বামীয়ে পাঁচখনকৈ পৌৰসভাৰ পৌৰনেত্ৰী আৰু উপ পৌৰপতিৰ নাম ঘোষণা(BJP declares new mayor for Sivsagar) কৰে । সোমবাৰে জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছিল উক্ত সংবাদমেলখন ৷ সেই অনুসৰি, প্ৰভাৰী গৰাকীয়ে সংবাদমেলত শিৱসাগৰ পৌৰসভাৰ পৌৰনেত্ৰী হিচাপে মৃণালিনী কোঁৱৰ আৰু উপ পৌৰপতি হিচাপে সঞ্জীৱ বৰাৰ নাম ঘোষণা কৰে ।
পৌৰনেত্ৰীৰ দায়িত্ব লাভ কৰা মৃণালিনী কোঁৱৰে বিজেপি দলৰ পৰা দ্বিতীয়বাৰৰ বাবে শিৱসাগৰ পৌৰসভাৰ 11 নং ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই নিৰ্বাচিত হৈছিল । কোঁৱৰে বিগত পৌৰসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰূপে নিৰ্বাচিত হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁ বিজেপিত যোগদান কৰিছিল । ইফালে উপ পৌৰপতি হিচাপে দায়িত্ব লাভ কৰা 9 নং ৱাৰ্ডৰ অসম গণ পৰিষদৰ নিৰ্বাচিত পৌৰ সদস্য সঞ্জীৱ বৰা পেচাত এগৰাকী জ্যেষ্ঠ অধিবক্তা ।
ইয়াৰ লগতে শিৱসাগৰ জিলাৰ আন চাৰিখন পৌৰসভা ক্ৰমে ডিমৌ, আমগুৰি, নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ পৌৰনেত্ৰী আৰু উপ-পৌৰপতিৰ নাম ঘোষণা কৰে প্ৰভাৰীগৰাকীয়ে ৷