অসম

assam

ETV Bharat / state

সোণাৰী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে বিজেপি-কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল - BJP Congress candidated filed nomination for by-election

বিজেপি-কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

By

Published : Sep 30, 2019, 11:42 AM IST

Updated : Sep 30, 2019, 12:35 PM IST

11:23 September 30

সোণাৰী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে বিজেপি-কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

শিৱসাগৰ , 30 ছেপ্টেম্বৰঃচৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল কৰিব বিজেপি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী ক্ৰমে নৱনীতা সন্দিকৈ আৰু সুশীল চুৰীয়ে ৷ চৰাইদেও জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰাৰ্থীদ্বয়ে মনোনয়ন প্ৰদান কৰিব ৷ বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈৰ মনোনয়ন পত্ৰ প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বহু কেইটা সমষ্টিৰ বিধায়কে ৷

ইপিনে কংগ্ৰেছ প্ৰাৰ্থী সুশীল চুৰীৰ মনোনয়ন প্ৰদান অনুষ্ঠানত অংশ ল'ব বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, বিধায়ক ৰূপজ্যোতি কুৰ্মী, অপূৰ্ব ভট্টাচাৰ্য আৰু সুশান্ত বৰগোঁহাই আদিয়ে ৷ উল্লেখ্য যে, আগন্তুক 21 অক্টোবৰত অসমৰ চাৰিটা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন ৷

Last Updated : Sep 30, 2019, 12:35 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details