শিৱসাগৰ , 28 নৱেম্বৰঃ আহোমৰ দিনৰ প্ৰাকৃতিক চিৰিয়াখানা ৰূপে পৰিচিত শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰৰ পশুগঢ়ত পক্ষী নিৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে ৷ শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী অনুষ্ঠান 'আৰণ্যক'ৰ সহযোগত আয়োজন কৰা এই শিবিৰত ছাত্ৰ ছাত্ৰী আৰু টুৰিষ্ট গাইড সকলক পক্ষী নিৰীক্ষণৰ বিভিন্ন কৌশল শিকোৱা হয় ৷
দেশী বিদেশী পক্ষীৰ কাকলিত মুখৰিত পশুগড়
জিলা প্ৰশাসনৰ উদ্যোগত পশুগড়ত পক্ষী নিৰীক্ষণ শিবিৰ ৷ শিৱসাগৰত পক্ষী হত্যা নিষিদ্ধ ৷ সষ্টম শিৱসাগৰ আৰক্ষী ৷
উল্লেখ্য যে শিৱসাগৰ জিলাক এক আদৰ্শ পৰ্যটন নগৰী কৰাৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে গ্ৰহণ কৰা চ'লফুল শিৱসাগৰ আঁচনিৰ অধীনত এই শিবিৰ পৰিচালনা কৰা হয় ৷ এই শিবিৰত সমল ব্যক্তি ৰূপে ডঃ বিভূতি প্ৰসাদ লহকৰ, অৰিফ হুছেইন আৰু অবিদূৰ ৰহমানে অংশগ্ৰহণ কৰে ৷ লগতে এই শিবিৰত জিলা উপায়ুক্ত ডঃ এম এছ লক্ষ্মীপ্ৰিয়া, জনসংযোগ বিষয়া চৈয়দা হাসনাহানা আদিকে ধৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া সকলেও অংশগ্ৰহণ কৰে ৷ইপিনে জিলা খনলৈ অহা দেশী বিদেশী পক্ষী কুলৰ নিৰাপত্তাৰ বাবে শিৱসাগৰ জিলাৰ আৰক্ষী বিভাগে দুটা বিশেষ ফোন নম্বৰ মুকলি কৰিছে ৷ কোনো দুৰ্বৃত্তই পক্ষী হত্যা কৰাৰ অভিযোগ থাকিলে ৰাইজে আৰক্ষীৰ 9435729014 অথবা 9435500597 নম্বৰত ফোন কৰি অভিযোগ দিব পাৰিব । খবৰ দিওঁতাৰ পৰিচয় গোপন কৰি ৰখা হ'ব বুলিও আৰক্ষীয়ে জনাইছে ৷
লগতে পঢ়ক - ধাৰাবাহিক শিকনেই প্ৰকৃত শিক্ষা