শিৱসাগৰ, 20 জুন :বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা অৱশেষত সোমবাৰে নিশা আহি উপস্থিত হয় শিৱসাগৰ নগৰৰ ফুকন নগৰস্থিত বাসগৃহত । জানিব পৰা মতে, সোমবাৰে নিশা প্ৰায় এঘাৰ বজাৰ পূৰ্বে প্ৰশাসনৰ এটা দলে ঘৰত নমাই যায় শৃংখল চলিহাক । অৱশ্যে কেনেকৈ, কি চৰ্তত শিৱসাগৰ জেলত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত বন্দী হৈ থকা চলিহাক এইদৰে ৰাতিৰ আন্ধাৰৰ মাজেৰে জেলৰ পৰা ঘৰত থৈ যোৱা হৈছে, সেই সন্দৰ্ভত সবিশেষ জানিব পৰা হোৱা নাই ।
অৱশ্যে এক সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পাচত এখনত পৰামৰ্শদাতা বৰ্ড গঠন কৰিব লাগে । উক্ত বৰ্ডে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত কৰা গ্ৰেপ্তাৰৰ নাৰ্যতা প্ৰদান কৰে । শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত কৰা গ্ৰেপ্তাৰক লৈ গঠন কৰা এডভাইজৰি বৰ্ডৰ আগত আজিৰ পৰা সাত দিনৰ আগত হাজিৰ কৰা হৈছিল ।
সম্ভৱতঃ উক্ত বৰ্ডে শৃংখলৰ বিৰুদ্ধে অনা অভিযোগসমূহ নাকচ কৰাৰ বাবে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ কৱলৰ পৰা মুক্তি দিবলৈ বাধ্য হয় । যদি এই তথ্যই প্ৰকৃত কথা হয় তেন্তে তেওঁৰ গ্ৰেপ্তাৰ যে উদ্দেশ্য প্ৰণোদিত আৰু আক্ৰোশমূলক আছিল সেয়া নিশ্চিত হৈ পৰিব ৷
উল্লেখযোগ্য যে, শিৱসাগৰ সদৰ থানাত যোৱা 2 মে'ত ৰুজু হোৱা 63/23 নম্বৰৰ এক গোচৰত শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন মঞ্জুৰ কৰাৰ পিচত 3 মে'ৰ দিনা জেলৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়তে শৃংখলক জিলা দণ্ডাধীশৰ নিৰ্দেশত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল । এই কথাই তেতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল শিৱসাগৰ তথা ৰাজ্যৰ জাতীয়তাবাদী শিবিৰত ।