শিৱসাগৰ, 2 এপ্ৰিল :শিৱসাগৰ ৰে’ল ষ্টেচনত বৃহস্পতিবাৰে সংঘটিত হৈছিল এক বাইক চুৰি কাণ্ড ৷ শিৱসাগৰ ৰে’লৱে ষ্টেচনত কৰ্মৰত এজন কৰ্মচাৰীয়ে ৰখাই থোৱা স্থানৰ পৰা দুজন অচিনাকি যুৱকে এখন মটৰচাইকেল চুৰি কৰি নিয়া ঘটনা পোহৰলৈ আহিছে ৷ সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হৈছিল চিচি কেমেৰাত ৷
শিৱসাগৰ নগৰ ৰে’ল ষ্টেচনৰ পৰা বাইক চুৰি - অভিষেশ কুমাৰ ঠাকুৰ
শিৱসাগৰ ৰে’ল ষ্টেচনত নিশা বাইক চুৰি কাণ্ড ৷ সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হৈছিল চিচি কেমেৰাত ৷ আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ চিচি কেমেৰাৰ দৃশ্য সংগ্ৰহ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
![শিৱসাগৰ নগৰ ৰে’ল ষ্টেচনৰ পৰা বাইক চুৰি bike-thieft-from-sibsagar-nagar-rail-station](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11248871-100-11248871-1617345526948.jpg)
শিৱসাগৰ নগৰ ৰেল ষ্টেচনৰ পৰা বাইক চুৰি
শিৱসাগৰ নগৰ ৰেল ষ্টেচনৰ পৰা বাইক চুৰি
বৃহস্পতিবাৰে নিশা ৭-৩০ বজাত শিৱসাগৰ ৰে’লৱে ষ্টেচনৰ কৰ্মচাৰী অভিষেশ কুমাৰ ঠাকুৰৰ AS-04-4879 নম্বৰৰ ক'লা ৰঙৰ পালচাৰ মটৰ চাইকেলখন দুজন অচিনাকি যুৱকে চুৰি কৰিছিল ৷ এই ঘটনাক লৈ অঞ্চলটোত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে মটৰ চাইকেলখনৰ গৰাকীয়ে শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ ঘটনাস্থলিত সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ চিচি কেমেৰাৰ দৃশ্য সংগ্ৰহ কৰাৰ লগতে বিষয়টো সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক :ছেল্ফী বিশেষ: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কিছু উৎসাহী ভোটাৰ
Last Updated : Apr 2, 2021, 3:44 PM IST