অসম

assam

ETV Bharat / state

আমগুৰিত চোৰৰ সন্ত্ৰাস: পাঁচটা বাইক চোৰক গ্ৰেপ্তাৰ - বাইক চোৰৰ সন্ত্ৰাস

আমগুৰি আৰক্ষীয়ে অভিযান চলাই এজন চিকিৎসকৰ পুত্ৰসহ পাঁচটা বাইক চোৰক গ্ৰেপ্তাৰ কৰে (Bike thief arrested at Amguri) ৷ লগতে চোৰৰ দলটোৰ পৰা আৰক্ষীয়ে AS-04-X-4836, AS- 04-W-5754 আৰু AS-04-AB-8758 নম্বৰৰ তিনিখন মটৰ চাইকেলো জব্দ কৰিছে ৷

Bike thief  arrested at Amguri
আমগুৰিত চোৰৰ সন্ত্ৰাস: পাঁচটা দুধৰ্ষ বাইক চোৰক গ্ৰেপ্তাৰ

By

Published : Oct 8, 2022, 12:58 PM IST

আমগুৰি, ৮ অক্টোবৰ:শিৱসাগৰ জিলাৰ আমগুৰিত দিনক দিনে বৃদ্ধি হৈছে বাইক চোৰৰ সন্ত্ৰাস ৷ শনিবাৰে আমগুৰি আৰক্ষীয়ে অভিযান চলাই এজন চিকিৎসকৰ পুত্ৰসহ পাঁচটা দুধৰ্ষ বাইক চোৰক গ্ৰেপ্তাৰ কৰে (Bike thief arrested at Amguri) ৷ লগতে চোৰৰ দলটোৰ পৰা আৰক্ষীয়ে AS-04-X-4836, AS- 04-W-5754 আৰু AS-04-AB-8758 নম্বৰৰ তিনিখন মটৰ চাইকেল জব্দ কৰিছে ৷

ধৃত চোৰকেইটা হৈছে মইনা খাৰঘৰীয়া, বিশ্বজিত হাজৰিকা, জয়দীপ কোঁৱৰ, পংকজ বৰা আৰু আনন্দ বাউৰী ৷ জানিব পৰামতে চুৰি চক্ৰটোৱে ২০ খনকৈ মটৰ চাইকেল চোৰ কৰি সন্ত্ৰাস চলাই আহিছিল অঞ্চলটোত ৷ দিকচু খেমদৈ পুখুৰীৰ মইনা খাৰঘৰীয়াই হিলৈদাৰী গাঁৱৰ এটা ভাড়া ঘৰত বাস কৰিছিল ৷ ভাড়া ঘৰৰ পৰাই মাইনাৰ সৈতে চাৰি অভিযুক্তই চুৰি কাৰ্য চলাই আহিছিল বুলি আৰক্ষীৰ জেৰাত মাইনাই সদৰী কৰে ৷

আমগুৰিত চোৰৰ সন্ত্ৰাস: পাঁচটা দুধৰ্ষ বাইক চোৰক গ্ৰেপ্তাৰ

ইফালে মাইনা খাৰঘৰীয়াৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়ে হিলৈদাৰী গাঁ‌ৱৰ বিশ্বজিত হাজৰিকা, আমগুৰি চাহ বাগিচাৰ চিকিৎসকৰ পুত্ৰ জয়দীপ কোঁ‌ৱৰ, আমগুৰি অভয়পুৰীয়া গাঁৱৰ পংকজ বৰা আৰু আমগুৰি চাহ বাগিচাৰ আনন্দ বাউৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

উল্লেখ্য যে আমগুৰি নগৰৰ লগতে উপকণ্ঠ অঞ্চলত ২০ খনকৈ বাইক চুৰি ধৃত চোৰকেইটাই ৷ চোৰ কৰা বাইকসমূহ নগালেণ্ডলৈ লৈ গৈ বিক্ৰী কৰি দিয়ে বুলি জানিবলৈ দিছিল ধৃত চোৰকেইটাই ৷ ইতিমধ্যে চোৰ কৰা কেইবাখনো বাইক ভিতৰুৱা পথেৰে নি নগালেণ্ডৰ দালালক বিক্ৰী কৰিছে বুলি স্বীকাৰ কৰিছে চোৰৰ দলটোৱে ৷ সম্প্ৰতি আমগুৰি আৰক্ষীয়ে নগালেণ্ডত বিক্ৰী কৰা বাইকসমূহ উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:কেৰালাৰ কালিকটত বন্ধুৱে মিলি হত্যা কৰিলে অসমৰ শ্ৰমিকক

ABOUT THE AUTHOR

...view details