আমগুৰি, ১৬ ফেব্ৰুৱাৰী:ৰাজ্যৰ চাৰিওফালে সৰস্বতী পূজাৰ আনন্দ-উল্লাহৰ মাজতে শিৱসাগৰৰ আমগুৰিত দেখা গ'ল এক বিশেষ দৃশ্য । অৰ্ধ শতাধিক দুচকীয়া বাহনেৰে ভৰিল আমগুৰি আৰক্ষী থানা । পূজাৰ দিনটোত আমগুৰি নগৰত যান-বাহন আইন ভংগ কৰা একাংশ লোকৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে বাহনসমূহ । বিভিন্ন ঠাইত আৰক্ষীয়ে তালাচী চলাই জব্দ কৰে বাহনসমূহ । লগতে দুপৰীয়াৰ ভাগলৈ আৰক্ষীয়ে প্ৰায় ১০ হাজাৰ টকা জৰিমনা সংগ্ৰহ কৰে যান-বাহন আইন উলংঘন কৰা ব্যক্তিৰ পৰা ।
যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ আমগুৰি আৰক্ষী - AS10033
সৰস্বতী পূজাৰ দিনটোতে ৰাজপথত যান-বাহন আইন উলংঘন কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে আমগুৰি আৰক্ষীয়ে । অৰ্ধ শতাধিক বাহন জব্দ কৰাৰ লগতে আৰক্ষীয়ে জৰিমনা হিচাপে সংগ্ৰহ কৰে প্ৰায় ১০ হাজাৰ টকা ।
যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ আমগুৰি আৰক্ষী
উল্লেখ যে বিগত বছৰসমূহত পূজাৰ দিনটোত নগৰখনত যথেষ্ট যান-যট হোৱাৰ লগতে বহু পথ দূৰ্ঘটনা সংঘটিত হৈছিল যাৰ বাবে আমগুৰি আৰক্ষীয়ে একাংশ উদণ্ড বাইক আৰোহী আৰু নিয়ম নমনা চালকৰ বিৰুদ্ধে এই অভিযান চলাইছে ।
লগতে পঢ়ক:মাজুলীবাসীয়ে ১০ হাজাৰ গামোচাৰে আদৰণি জনাব মুখ্যমন্ত্ৰীক