অসম

assam

সমন্বয় থলীত পৰিণত হ’ল আমগুৰিৰ দোপদৰ হাটখোলা খেল পথাৰ

By

Published : Apr 12, 2021, 3:54 PM IST

ৰঙালী বিহুৰ প্ৰাক ক্ষণত বিভিন্ন জাতি-ধৰ্ম-বৰ্ণৰ সমন্বয় থলীত পৰিণত হ’ল আমগুৰিৰ দোপদৰ হাটখোলা খেল পথাৰ। আমগুৰিৰ বৃহত্তৰ দোপদৰ অঞ্চল সামৰি “দোপদৰ গ্ৰাম্য মহিলা সমাজ”ৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে “বসন্ত মেলা” । কুৰিতকৈও অধিক আত্ম সহায়ক গোট আৰু মহিলা সমাজে অংশ গ্ৰহণ কৰা এই বসন্ত মেলাত দেখিবলৈ পোৱা গ'ল মহিলা সকলৰ স্বাৱলম্বিতাৰ এক নিদৰ্শন ৷

সমন্বয় থলীত পৰিণত হ’ল আমগুৰিৰ দোপদৰ হাটখোলা খেল পথাৰ
সমন্বয় থলীত পৰিণত হ’ল আমগুৰিৰ দোপদৰ হাটখোলা খেল পথাৰসমন্বয় থলীত পৰিণত হ’ল আমগুৰিৰ দোপদৰ হাটখোলা খেল পথাৰ

আমগুৰি, 12 এপ্ৰিল: নঙলা মুখত অসমীয়াৰ অতিকে হেঁপাহৰ ৰঙালী বিহু। ৰঙালী বিহুৰ প্ৰাক ক্ষণত বিভিন্ন জাতি-ধৰ্ম-বৰ্ণৰ সমন্বয় থলীত পৰিণত হ’ল আমগুৰিৰ দোপদৰ হাটখোলা খেল পথাৰ। আমগুৰিৰ বৃহত্তৰ দোপদৰ অঞ্চল সামৰি “দোপদৰ গ্ৰাম্য মহিলা সমাজ”ৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে “বসন্ত মেলা” । কুৰিতকৈও অধিক আত্ম সহায়ক গোট আৰু মহিলা সমাজে অংশ গ্ৰহণ কৰা এই বসন্ত মেলাত দেখিবলৈ পোৱা গ'ল মহিলা সকলৰ স্বাৱলম্বিতাৰ এক নিদৰ্শন ৷

সমন্বয় থলীত পৰিণত হ’ল আমগুৰিৰ দোপদৰ হাটখোলা খেল পথাৰ

বিহুৰ প্ৰয়োজনীয় সকলো ধৰণৰ পিঠা-পনা, চিৰা-সান্দহ আদি জলপান, দৈ-গুৰ আৰু নাচনীৰ বাবে প্ৰয়োজনীয় গগণা, টকাৰ লগতে গামখাৰু, জোনবিৰিৰ দৰে স্থানীয়ভাৱে হস্ত নিৰ্মিত বহুবিধ আ-অলংকাৰ, তাঁত শালৰ সামগ্ৰী, ফুলৰ টাব, থলুৱা শিপিনীয়ে বোৱা অসমীয়াৰ অতিকে আদৰৰ বিহুৱানখনৰ লগতে ৰিহা, চাদৰ-মেখেলাৰ উপৰিও মহিলাৰ দ্বাৰা ব্যৱহৃত বহুবিধ পোছাক উপলব্ধ হ’ল এই মেলাত ।

হিন্দু, মুছলমান উভয় ধৰ্মৰ লোকৰ লগতে স্থানীয় বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে ভাগ লয় এই মেলাত । আয়োজক সমিতিয়ে স্থানীয় জীয়াৰী-বোৱাৰী, কণ কণ কিশোৰ-কিশোৰীৰ মাজত ৰচী টনা, টেকেলি ভঙা, মিউজিক চেয়াৰ আদি প্ৰতিযোগিতামূলক আৰু প্ৰদৰ্শনীমূলক খেল-ধেমালিৰো আয়োজন কৰে । পুৱা বিহুৰ পতাকা উত্তোলন, বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা এই অনুষ্ঠানৰ মাজতে স্থানীয় একাংশ অগ্ৰণী মহিলাই জেং বিহুতো অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক:চিৰাঙত চলিছে ৰংজালী বৈশাগুক আদৰাৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details