মৰাণ, 25 অক্টোবৰ :ৰাজ্যৰ সকলো সমস্যা তল পেলাই শাসক বিৰোধী সকলো এতিয়া ব্যস্ত উপ-নিবাৰ্চনত । উজনিৰ থাওৰা সমষ্টি এতিয়া মিনি দিছপুৰলৈ পৰিণত হৈছে । শাসক দলৰ একুৰি মন্ত্ৰী বিধায়ক এতিয়া ব্যস্ত থাওৰাক নিজৰ দখললৈ নিয়াৰ বাবে । ইয়াৰ সমান্তৰালভাৱে কংগ্ৰেছ আৰু ৰাইজৰ দলেও সমষ্টিটোত প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ।
দেওবাৰে থাওৰাত চৰকাৰক নিয়ন্ত্ৰণ কৰিবলৈ উপ-নিবাৰ্চন হ'ব লগা পাঁচটা সমষ্টিতে কংগ্ৰেছক ভোট দিবলৈ আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । সভাপতি গৰাকীয়ে কয়, চৰকাৰৰ স্বেচ্ছাচাৰীতাৰ লগতে সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত অসম পাঁচ নম্বৰ স্থানলৈ গতি কৰিছে । চৰকাৰে ৰাইজৰ মূৰৰ ওপৰত ধাৰৰ বোজা জাপি দিছে সেয়ে ৰাইজে বিৰোধী দলটোক শক্তিশালী কৰিলে চৰকাৰক ৰাইজৰ পক্ষত থাকিবলৈ বাধ্য কৰাটো সম্ভৱ হ'ব ।