অসম

assam

ETV Bharat / state

আমগুৰিত ভোগালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি - Vehla Ghor

সমগ্ৰ ৰাজ্যতে 'কা'ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতেই আমগুৰি হাতীমূৰীয়া পথাৰত এতিয়া ভোগালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি ৷

আমগুৰিত এতিয়া ব্যস্ততা ভেলাঘৰ নিৰ্মাণ কাৰ্যৰ
আমগুৰিত এতিয়া ব্যস্ততা ভেলাঘৰ নিৰ্মাণ কাৰ্যৰ

By

Published : Jan 2, 2020, 10:40 AM IST

আমগুৰি, 2 জানুৱাৰী: শিৱসাগৰৰ আমগুৰিত ভোগালী বিহুক আদৰিবলৈ ভেলাঘৰ নিৰ্মাণৰ ব্যাপক প্ৰস্তুতি । সমগ্ৰ ৰাজ্যতে 'কা' ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আমগুৰি হাতীমূৰীয়া পথাৰত ভোগালী বিহুক আদৰিবলৈ ভেলাঘৰ নিৰ্মাণৰ ব্যাপক প্ৰস্তুতি চলিছে ।

ভোগালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি

অসমীয়াৰ বাপতিসাহোন তিনিটা বিহুৰ অন্যতম ভোগালী বিহুক আদৰিবলৈ হাতীমূৰীয়া গাঁৱৰ ডেকা-জীয়াৰী-বোৱাৰীৰ পৰা আইতালৈকে সকলোৱে আনন্দ কৰা দেখিবলৈ পোৱা গৈছে। ডেকাসকল ভেলাঘৰ বনোৱাত ব্যস্ত হোৱাৰ বিপৰীতে মহিলা সকল আকৌ ব্যস্ত নৰা কটাত । এনে ব্যস্ততাৰ মাজতো কঁকাল ভাঙি নাচিলে আইতা সকলে।

এতিয়া কেৱল অপেক্ষা ভোগালীক আদৰিবলৈ ৷ ভোগালী বিহুৰ বাবে জীয়াৰী-বোৱাৰীসকলে প্ৰস্তুত কৰি উলিয়াইছে চিৰা,পিঠা,সান্দহ,তিলৰ লাৰু,তিল পিঠা,সুতুলী পিঠাকে ধৰি মহৰ দৈ ইত্যাদি। লগতে পৰম্পৰাগত নিয়ম অনুসৰি হাতীমূৰীয়া গাঁওৰ অধিকাংশ পৰিয়ালেই প্ৰস্তুত কৰি উলিয়াইছে সাঁজপানী ৷ এতিয়া এনেদৰেই আমগুৰীত ভোগালীক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি।

লগতে চাওক-নতুন বছৰটোৰ প্ৰথমটো দিনতে বৃদ্ধি ৰে’ল ভাড়া

ABOUT THE AUTHOR

...view details