অসম

assam

ETV Bharat / state

আৰ্থিক সংকটত পৰিছে ভাওনা (Bhaona) শিল্পীসকল - Bhaona

ক'ভিড (Covid 19) সৃষ্ট পৰিস্থিতিত স্তব্ধ হৈ পৰিছে ভাওনা (Bhaona) শিল্পীসকলৰ জীৱন ৷ চৰম সংকটত পৰিছে এতিয়া ভাওনা (Bhaona) শিল্পীসকল ৷ সময়ৰ পাকচক্ৰত পৰি হেৰাই যোৱাৰ উপক্ৰম হৈছে ভাওনা (Bhaona) ৷

আৰ্থিক সংকটত পৰিছে ভাওনা শিল্পীসকল
আৰ্থিক সংকটত পৰিছে ভাওনা শিল্পীসকল

By

Published : Jun 7, 2021, 1:29 PM IST

আমগুৰি, ৭ জুন : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম সৃষ্টি হৈছে ভাওনা (Bhaona) । অসমীয়া সমাজ জীৱনৰ ধৰ্মীয় পৰম্পৰা তথা সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা ভাওনা (Bhaona) আজি ক'ভিড (Covid) সৃষ্ট পৰিস্থিতিৰ বাবে স্তব্ধ হৈ পৰিছে । সময়ৰ পাকচক্ৰত শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনাৰ পট পৰিৱৰ্তন হোৱাৰ উপক্ৰম হৈছে । ক্ৰমাৎ এক পেছাদাৰী শিল্পলৈ পৰিণত হৈ পৰিছে এতিয়া ভাওনা (Bhaona) ।

আৰ্থিক সংকটত পৰিছে ভাওনা শিল্পীসকল

কিন্তু ক'ভিড সৃষ্ট পৰিৱেশে প্ৰতিটো দিশলৈ অনিশ্চয়তা অনাৰ সময়তে ভাওনা (Bhaona) শিল্পৰ সৈতে জড়িত প্ৰতিগৰাকী শিল্পীৰ জীৱনলৈও নমাই আনিছে কাল অমানিশা ৷ বৈষ্ণৱ কলাৰ সৈতে জড়িত প্ৰতিগৰাকী শিল্পী এতিয়া কৰ'ণা (Corona)ৰ প্ৰভাৱত জৰ্জৰিত ।

ভাওনাকে জীৱন নিৰ্বাহৰ অন্যতম সাৰথি হিচাপে বাচি লোৱা প্ৰতিগৰাকী শিল্পীৰ জীৱনলৈ নামি আহিছে এতিয়া সংকট । কিয়নো ৰাজ্য চৰকাৰে ঘোষণা কৰা মিনি লক ডাউন আৰু আন্তঃজিলা যাতায়ত ব্যৱস্থা বন্ধ কৰাৰ বাবে বন্ধ হৈ পৰিছে অনুষ্ঠান-প্ৰতিষ্ঠান ৷ যাৰ বাবে ভাওনা (Bhaona) সবাহো বন্ধ হৈ পৰিছে ৷ ক'ভিডসৃষ্ট পৰিৱেশত পৰিয়াল পোহপাল দিবলৈ কষ্টকৰ হৈ পৰিছে এতিয়া শিল্পী সকলৰ ৷ এনে ভয়াৱহ অৱস্থাত চৰকাৰৰ সহায়লৈ আশাৰে বাট চাই ৰৈছে এতিয়া ভাওনা (Bhaona) শিল্পীসকলে ।

অন্য এক খবৰৰ বাবে: গহপুৰত নাঙল-যুঁৱলি লৈ অভিনৱ প্ৰতিবাদ ৰাইজৰ

ABOUT THE AUTHOR

...view details