আমগুৰি, ৮ ফেব্ৰুৱাৰী:শিৱসাগৰ জিলাৰ আমগুৰিত মঙলবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সামূহিক নাম-কীৰ্তন আৰু ভাওনা সমাৰোহ (Bhaona Samaroh in Amguri)। এই সামূহিক নাম-কীৰ্তন আৰু ভাওনা সমাৰোহখনি চাৰিঙ্গীয়া পুখুৰী আঞ্চলিক সন্মিলিত যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হৈছে (Naam Kirtan in Amguri) । ইয়াকে কেন্দ্ৰ কৰি অঞ্চলটোত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে । ইয়াৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছে বিভিন্ন আকৰ্ষণীয় অনুষ্ঠানৰ ।
সামূহিক নাম-কীৰ্তন আৰু ভাওনা সমাৰোহত মঙলবাৰে নিশা অংশগ্ৰহণ কৰে জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাই (Popular actor Arun Hazarika)। বিশিষ্ট অভিনেতা তথা নেত্ৰ কাইটি খ্যাত অৰুণ হাজৰিকাই ভাওনা সমাৰোহৰ বিশেষ অনুষ্ঠান প্ৰেৰণাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে সাম্প্ৰতিক সময়ত ভাওনা সংস্কৃতি খুব সুন্দৰকৈ গঢ় লৈ উঠিছে । বিশেষকৈ উজনি অসমত ভাওনা সংস্কৃতি খুব সুন্দৰভাৱে যুৱ প্ৰজন্মই শিকাৰ যি আগ্ৰহ দেখুৱাই আহিছে সেয়া প্ৰশংসনীয় । ভাওনাৰ লগে লগে খোলবাদ্যকে আদি কৰি দেৱবাদ্যসমূহ শিকাৰো এটা পৰিৱেশৰ সৃষ্টি হয় । তেওঁ পুনৰ কয় যে আজিকালি ভাওনাক কেন্দ্ৰ কৰি ৰাজ্য়ৰ বিভিন্ন অঞ্চলত সমাৰোহৰ উপৰি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । এনে পৰিৱেশে ভাওনাক জনসাধাৰণৰ মাজলৈ আৰু অধিক আগুৱাই লৈ যাব বুলি তেওঁ আশা প্ৰকাশ কৰে ।