আমগুৰি, 20ফেব্ৰুৱাৰী: শিৱসাগৰ জিলাৰ নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতনত ছাত্ৰ-ছাত্ৰীৰ কান্দোনৰ ৰোল ৷ আপোনজনক হেৰুৱাৰ দৰেই হিয়া ধাকুৰি কান্দিছে এই ছাত্ৰ-ছাত্ৰী সকলে । শোকত ভাগি পৰিছে ছাত্ৰ-ছাত্ৰীসকল ৷ কিয়নো শুকুৰবাৰে নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতনত ২০২০-২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী তথা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ আছিল বিদায় সভা ৷
সুদীৰ্ঘ ১২ বছৰ অধ্যয়ন কৰাৰ অন্তত নিজৰ বিদ্যালয়খন তথা আপোন শিক্ষক-শিক্ষয়িত্ৰী সকলক এৰি যোৱাৰ শোকত হিয়া ধাকুৰি কান্দিছে বিদ্যালয় ছাত্ৰ-ছাত্ৰী সকলে ৷ বিদায়ী ছাত্ৰ-ছাত্ৰী সকলৰ সমান্তৰাল ভাৱে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী লগতে অভিভাৱক সকলো শোকত উচুপি উঠিল ৷