শিৱসাগৰ, 8 ছেপ্টেম্বৰ :"প্ৰহাৰ কৰিছিল শুভলক্ষ্মী দত্তই, কিন্তু বৰ্খাস্ত কৰা হ’ল অনিল পাটৰক ৷ এইখন কেনেকুৱা আইন ? বীৰ লাচিত সেনা অসমে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে ৷ আমি আমি জিলা আয়ুক্তকে ধৰি আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি তেওঁক পুনৰ চাকৰিত মকৰল কৰিবলৈ দাবী জনাম ৷ যদি তেওঁলোকে আমাৰ দাবী মানি নলয় তেন্তে গণতান্ত্ৰিক উপায়েৰে শিৱসাগৰ জিলাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হ’ব ৷ "বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই এই মন্তব্য প্ৰকাশ কৰে ৷
লগতে চলিহাই কয়, "বিজেপি নেতাৰ ঘৰত অপৰাধী থাকিব পাৰে, সাধাৰণ মানুহৰ ঘৰত তেওঁ লুকাই থকা হ’লে তেওঁ আজি জেললৈ গ’ল হয় ৷ এইক্ষেত্ৰত চৰকাৰৰ স্থিতি নৰম ৷ আমি দাবী কৰিছো যে পাটৰ ডাঙৰীয়াক দুদিনৰ ভিতৰত চাকৰিত পুনৰ যোগদান কৰাব লাগে ৷ "
উল্লেখ্য যে, শুকুৰবাৰে কলংকিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই 2019 চনত মাৰপিট কৰি হ'ম গাৰ্ডৰ চাকৰিৰ পৰা খেদি দিয়া অনিল পাটৰৰ (45) বাসগৃহত উপস্থিত হয় বীৰ লাচিত সেনাৰ এটা দল। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা, অনুপম সন্দিকৈকে ধৰি কেইগৰাকী বিষয়ববীয়াই অনিল পাটৰক সাক্ষাৎ কৰি অনাগত দিনত সকলো সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। ইয়াৰ উপৰিও বিনা দোষত চাকৰি হেৰুৱা অনিল পাটৰক যাতে পুনৰ হ'ম গাৰ্ডৰ পদত মকৰল কৰে তাৰ দাবী উত্থাপন কৰি শিৱসাগৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক লগ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে।