শিৱসাগৰ, 27 মেঃ শিৱসাগৰত বিউটি পাৰ্লাৰ বিউটি পাৰ্লাৰৰ মালিকৰ লগতে কর্মচাৰী সকলৰ তীব্ৰ প্ৰতিবাদ ৷ অতি শীঘ্ৰে পাৰ্লাৰৰ মালিকৰ লগতে কর্মচাৰীসকলৰ বাবে ব্যৱস্থা কৰিবলৈ আহ্বান জনাই চৰকাৰ প্ৰশাসনক ৷
শিৱসাগৰত বিউটি পাৰ্লাৰ কর্মচাৰীৰ তীব্ৰ প্ৰতিবাদ - শিৱসাগৰ
শিৱসাগৰত বিউটি পাৰ্লাৰ বিউটি পাৰ্লাৰৰ মালিকৰ লগতে কর্মচাৰী সকলৰ তীব্ৰ প্ৰতিবাদ ৷ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে বিউটি পাৰ্লাৰৰ মালিকৰ লগতে কর্মচাৰীসকলৰ ৷
বর্তমান ৰাজ্যত চলি আছে চতুৰ্থ পৰ্যায়ৰ লকডাউন । লকডাউনে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজৰ লগতে বিউটি পাৰ্লাৰৰ মালিক তথা কর্মচাৰীসকলক ৷ ইতিমধ্যে কিছু ক্ষেত্ৰত চৰকাৰে শিথিল কৰি দিছে লকডাউন ব্যৱস্থা । কিন্তু চেলুনৰ লগতে বিউটি পাৰ্লাৰ সমূহত এতিয়া কঠোৰ চৰকাৰ প্ৰশাসন ৷ চৰকাৰে নিৰ্দেশ নিদিয়া পৰ্যন্ত খুলিব নোৱাৰিব বিউটি পাৰ্লাৰ অথবা চেলুন ৷ যাৰ বাবে এতিয়া পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছে বিউটি পাৰ্লাৰৰ মালিকৰ লগতে কর্মচাৰীসকলৰ ৷ বিউটি পাৰ্লাৰ খুলি নিজৰ জীৱিকা উপাৰ্জনৰ একমাত্ৰ আহিলা হিচাপে জীৱন নিৰ্বাহ কৰি থকা পুৰুষ, মহিলাসকল এতিয়া মুৰে কঁপালে হাত দিয়াৰ পৰিস্থিতি সৃষ্টি হৈছে ৷ তাৰোপৰি কৰ্মচাৰী সকলৰ বেংকৰ ঋণ থকাৰ উপৰিও বহু পৰিয়াল এতিয়া চলিবলৈ হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে হাতে হাতে প্লেকার্ড লৈ বিউটি পাৰ্লাৰ মালিক তথা কর্মচাৰীয়ে প্ৰতিবাদ কৰে ৷ লগতে অতি শীঘ্ৰে চৰকাৰে বিউটি পাৰ্লাৰৰ মালিকৰ লগতে কর্মচাৰীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷
লগতে পঢ়ক-জলমগ্ন গোৱালপাৰা, কি কয় স্থানীয় ৰাইজে !