অসম

assam

ETV Bharat / state

কলপুলি ৰোপণেৰে হস্তী-মানৱৰ সংঘাত ৰোধৰ চেষ্টা এদল যুৱকৰ

শিৱসাগৰৰ দিখৌমুখৰ দেওঘৰীয়া ভাস্কৰজ্যোতি ক্লাৱৰ যুৱকসকলৰ অনন্য নিদৰ্শন ৷ ব্ৰহ্মপুত্ৰৰ ধনেখোৱা চাপৰিত কলপুলি ৰোপণ কৰি হাতীক খাদ্য যোগান ধৰি আহিছে যুৱকসকলে ৷

banana-plantation-for-elephant
কলপুলি ৰোপণেৰে হাতীক খাদ্য যোগান

By

Published : Apr 25, 2021, 8:56 AM IST

Updated : Apr 25, 2021, 7:41 PM IST

আমগুৰি,25 এপ্ৰিল : হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ চেষ্টাৰে শিৱসাগৰৰ দিখৌমুখৰ এদল যুৱকে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ ৷ ব্ৰহ্মপুত্ৰৰ ধনেখোৱা চাপৰিত কলপুলি ৰোপণ কৰি হাতীক খাদ্য যোগানৰ বাবে দেওঘৰীয়া ভাস্কৰজ্যোতি ক্লাৱৰ যুৱকসকলে দাঙি ধৰিলে অনন্য নিদৰ্শন ৷

120 হেক্টৰ বালি চাপৰিত 1000 টা কলপুলি ৰোপণৰ লক্ষ্যৰে প্ৰথম পৰ্যায়ত 300 টা কলপুলি ৰোপণ কৰে যুৱকসকলে ৷ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নাৱৰ সহায়ত কলপুলি আনি চাপৰিত ৰোপণ কৰে ক্লাবৰ সদস্যসকলে ৷

কলপুলি ৰোপণেৰে হস্তী-মানৱৰ সংঘাত ৰোধৰ চেষ্টা এদল যুৱকৰ

উল্লেখ্য যে, প্ৰতিবছৰে দিখৌমুখৰ এক বৃহত্তৰ অঞ্চলত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই বহু পৰিয়ালৰ ঘৰ ভঙাৰ লগতে হাৰাশাস্তি কৰি আহিছিল অঞ্চলবাসীক ৷ সেয়েহে দেওঘৰীয়া ভাস্কৰজ্যোতি ক্লাবৰ যুৱকসকলে ব্ৰহ্মপুত্ৰৰ ধনেখোৱা চাপৰিত কলপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰি বনৰীয়া হাতীক খাদ্য যোগানৰ ব্যৱস্থা কৰে । এনে প্ৰচেষ্টাই হাতী-মানুহৰ সংঘাত বহু পৰিমাণে লাঘৱ কৰিব বুলি আশা প্ৰকাশ কৰিছে উদ্যমী যুৱকসকলে ৷

লগতে পঢ়ক :খোৱাঙত ঘৰে-ঘৰে হাইদাং হুঁচৰি সোণোৱাল কছাৰী সকলৰ

Last Updated : Apr 25, 2021, 7:41 PM IST

ABOUT THE AUTHOR

...view details