অসম

assam

ETV Bharat / state

Pigs banned in Sivasagar: শিৱসাগৰত গাহৰিৰ সৰবৰাহ আৰু বিক্ৰীত নিষেধাজ্ঞা - African swine fever in Sivsagar

শিৱসাগৰত পুনৰ বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোগৰ প্ৰাদুৰ্ভাৱ(African swine fever in Assam) । ভয়ংকৰভাৱে বৃদ্ধি পোৱা আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ ৰাজহ চক্ৰ অধীনৰ এলেকাত গাহৰিৰ সৰবৰাহ, বিক্ৰী, গাহৰিৰ মাংস বিক্ৰী আদি নিষিদ্ধ কৰিছে ।

ban on supply and sale of pigs in sivasagar
শিৱসাগৰত গাহৰিৰ সৰবৰাহ আৰু বিক্ৰীত নিষেধাজ্ঞা

By

Published : Nov 1, 2022, 9:10 PM IST

শিৱসাগৰ,১ নৱেম্বৰ:শিৱসাগৰতপুনৰ বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোগ(African swine fever in Assam) । সম্প্ৰতি শিৱসাগৰ ৰাজহ চক্ৰৰ অধীনৰ কিছু এলেকাত আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোগৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি আৰু এই ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে শিৱসাগৰ ৰাজহ চক্ৰ অধীনৰ এলেকাত গাহৰিৰ সৰবৰাহ, বিক্ৰী, গাহৰিৰ মাংস বিক্ৰী আদি নিষিদ্ধ কৰিছে প্ৰশাসনে (African swine fever in Sivsagar) ।

শিৱসাগৰত গাহৰিৰ সৰবৰাহ আৰু বিক্ৰীত নিষেধাজ্ঞা

শিৱসাগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ সব্যসাচী কাশ্যপে এক নিৰ্দেশযোগে তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰা জাৰি কৰিছে । এই নিষেধাজ্ঞা অনুসৰি ৰাজহ চক্ৰ অধীনৰ এলেকাত আৰু শিৱসাগৰ নগৰত গাহৰিৰ মাংস, গাহৰি মাংসৰ পৰা উৎপাদিত খাদ্য সামগ্ৰী আৰু গাহৰিৰ সৰবৰাহ নিষেধ কৰা হৈছে(Pigs banned in Sivasagar) ।

গাহৰিৰ মাংস আৰু গাহৰি মাংসৰ পৰা উৎপাদিত খাদ্য সামগ্ৰীৰ বিক্ৰী শিৱসাগৰ ৰাজহ চক্ৰ অধীনৰ এলেকাত আৰু শিৱসাগৰ নগৰত নিষেধ কৰা হৈছে । গাহৰি কটা আৰু বেচা-কিনা শিৱসাগৰ ৰাজহ চক্ৰ অধীনৰ এলেকাত আৰু শিৱসাগৰ নগৰত সম্পূৰ্ণৰূপে নিষেধ কৰা হৈছে(Pigs died in several Districts of Assam) । জিলাখনৰ অন্যান্য অঞ্চলত গাহৰি মৰিলে পশু চিকিৎসা বিভাগৰ দৃষ্টিগোচৰ কৰিব লাগিব আৰু মৃত গাহৰিৰ শৰীৰটো জৈৱ সুৰক্ষা পদ্ধতিৰে দকৈ গাঁত খান্দি পুতি পেলাব লাগিব ।

গাহৰি উৎপাদক সকলে অন্য ঠাইলৈ যাতে ৰোগ সংক্ৰমণ নহয় তাৰ বাবে জৈৱ সুৰক্ষা পদ্ধতি মানি চলিব লাগিব । যি কোনো ধৰণৰ গাহৰিৰ খাদ্য সৰবৰাহৰ বাবে পশু চিকিৎসা বিভাগৰ অনুমতি লব লাগিব । এই নিষেধাজ্ঞা সমগ্ৰ তৎকালীনভাৱে বলৱৎ হৈছে আৰু নিষেধাজ্ঞা অমান্যকাৰী সকল ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰা অনুসৰি দণ্ডনীয় হ'ব ।

লগতে পঢ়ক:Road accident: বোকাখাতৰ লখৌজানত ভয়ংকৰ পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details