অসম

assam

ETV Bharat / state

শিৱসাগৰত ঐক্য সেনা অসমৰ তৃতীয় প্ৰতিষ্ঠা দিৱস-বাৰ্ষিক অধিৱেশন সম্পন্ন - শিৱসাগৰ

ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু দ্বিতীয় বাৰ্ষিক অধিবেশনখন দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ।

শিৱসাগৰত ঐক্য সেনা অসমৰ তৃতীয় প্ৰতিষ্ঠা দিৱস-বাৰ্ষিক অধিৱেশন সম্পন্ন

By

Published : Sep 4, 2019, 8:59 PM IST

শিৱসাগৰ,4ছেপ্টেম্বৰঃ সাম্প্ৰতিক কালৰ আৰ্থসামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক দিশত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু দ্বিতীয় বাৰ্ষিক অধিবেশনখন দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় । মঙলবাৰে ঐক্য সেনাৰ শিৱসাগৰ কাৰ্যালয়ত অনুষ্ঠিত প্ৰতিনিধি সভাৰ অন্তত বুধবাৰে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতেই মুকলি সভা আৰু বক্তৃতা অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় ।

শিৱসাগৰত ঐক্য সেনা অসমৰ তৃতীয় প্ৰতিষ্ঠা দিৱস-বাৰ্ষিক অধিৱেশন সম্পন্ন

সাম্প্ৰতিক কালৰ আৰ্থসামাজিক প্ৰেক্ষাপটত জাতীয়তাবাদ আৰু সামাজিক প্ৰেক্ষাপটত নৱ-প্ৰজন্মৰ বুনিয়াদ শীৰ্ষক দুই বিষয়ৰ আলোচনা চক্ৰত মুখ্য বক্তাৰূপে উপস্থিত থাকে ক্ৰমে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌমাৰজ্যোতি মহন্ত আৰু গেলেকী কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সুৰেশ চেতিয়া । দুগৰাকী শিক্ষাবীদে জাতীয়তাবাদৰ ক্ৰমঃবিকাশ আৰু নৱপ্ৰজন্মৰ সলনি হ'ব ধৰা স্বৰূপ-চৰিত্ৰ সম্পৰ্কত বিশেষ বক্তব্য প্ৰদান কৰে ।

ABOUT THE AUTHOR

...view details