অসম

assam

ETV Bharat / state

শিৱসাগৰত 'প্ৰকৃতিৰ বাবে দৌৰ' শীৰ্ষক সজাগতামূলক কাৰ্যসূচী - শিৱসাগৰ

শিৱসাগৰত মিষ্টিক ইচফেয়াৰ আৰু কুঁহিপাত নামৰ সংগঠন দুটাৰ উদ্যোগত আয়োজন কৰা হৈছে 'প্ৰকৃতিৰ বাবে দৌৰ' শীৰ্ষক সজাগতামূলক কাৰ্যসূচী(Awareness program organised in Sivasagar) । শিৱসাগৰত শনিবাৰে অনুষ্ঠিত হ'বলগীয়া ৰিজেণ্ট ফেশ্বন শ্ব'ৰ লগত সংগতি ৰাখি এই সজাগতামূলক কাৰ্যসূচী আয়োজন কৰা হৈছে ।

Awareness program organised in Sivasagar
Awareness program organised in Sivasagar

By

Published : Dec 24, 2021, 10:44 AM IST

শিৱসাগৰ, ২৪ ডিচেম্বৰ: পৰিৱেশ সংৰক্ষণ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ উদ্দেশ্যেৰে পুৱাই ৰাজপথলৈ ওলাই শিৱসাগৰৰ একাংশ কণ কণ শিশু আৰু কিশোৰ-কিশোৰী । মিষ্টিক ইচফেয়াৰ আৰু কুঁহিপাত নামৰ সংগঠন দুটাৰ উদ্যোগত শুকুৰবাৰে আয়োজিত 'প্ৰকৃতিৰ বাবে দৌৰ' শীৰ্ষক সজাগতামূলক কাৰ্যসূচীত অংশ ল'লে এই কণ কণ শিশুসকলে । পুৱা এই সজাগতামূলক কাৰ্যসূচী উদ্বোধন কৰে বিশিষ্ট সাংবাদিক মনিৰুল ইছলাম বৰাই । শিৱসাগৰ নগৰৰ শিৱ দৌলৰ সন্মুখৰ পৰা এই দৌৰ আৰম্ভ কৰা হয় ।

পৰিৱেশ সংৰক্ষণৰ বিষয়ত সচেতনতা বৃদ্ধি কৰাৰ বাবে নগৰখনৰ বিভিন্ন অঞ্চলত বৃক্ষৰোপণ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়(Plantation program in Sivasagar town) । শিৱসাগৰত শনিবাৰে অনুষ্ঠিত হ'বলগীয়া ৰিজেণ্ট ফেশ্বন শ্ব'ৰ লগত সংগতি ৰাখি এই সজাগতামূলক কাৰ্যসূচী আয়োজন কৰা হৈছে । শনিবাৰে শিৱসাগৰ নগৰৰ যুৱ দৌল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব ৰিজেণ্ট-২০২১ ফেশ্বন শ্ব'(Regent 2021 Fashoion show in Sivasagar) । এই সজাগতামূলক কাৰ্যসূচীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উপ-সভাপতি বসন্ত গগৈ মুখ্য অতিথি হিচাপে উপস্থিত থাকে আৰু বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ।

উল্লেখযোগ্য যে, পুৰুষ আৰু মহিলাৰ উভয় শাখাৰ লগতে শিশু, কিশোৰ-কিশোৰীসকলৰ মাজত শনিবাৰে অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনত বিজয়ীসকলক মিষ্টাৰ, মিচেছ, মিছ আৰু কিডছ ৰিজেণ্ট-২০২১ খিতাপ প্ৰদান কৰা হ'ব । ইতিমধ্য বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে এই ফেশ্বন শ্ব'ত অংশ লোৱাটো নিশ্চিত হৈছে বুলি আয়োজকসকলে জানিবলৈ দিছে ।

লগতে পঢ়ক:Chal Jabo school programme : বিহালীত "চল যাব স্কুল" শীৰ্ষক সজাগতামূলক শোভাযাত্ৰা

ABOUT THE AUTHOR

...view details