অসম

assam

ETV Bharat / state

পথ সুৰক্ষা মাহৰ উপলক্ষে শিৱসাগৰত সজাগতা সভা - সজাগতা সভা

পথ সুৰক্ষা মাহৰ উপলক্ষে বুধবাৰে শিৱসাগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত এখন সজাগতা সভাৰ আয়োজন কৰা হয় ৷ উক্ত সভাত পৰিবহন বিভাগৰ কেইবাজনো উচ্চ পদস্থ বিষয়াই যান-বাহন চলাচলৰ নীতি নিয়মৰ সন্দৰ্ভত বাখ্যা আগবঢ়োৱাৰ লগতে পথ দুৰ্ঘটনা কিদৰে হ্ৰাস কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰে ৷

awareness-meeting-at-sivasagar-district-transport-department-office
পথ সুৰক্ষা মাহৰ উপলক্ষে শিৱসাগৰত সজাগতা সভা

By

Published : Feb 17, 2021, 9:40 PM IST

শিৱসাগৰ, 17 ফেব্ৰুৱাৰী : পথ সুৰক্ষা মাহৰ উপলক্ষে বুধবাৰে শিৱসাগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত এখন সজাগতা সভাৰ আয়োজন কৰা হয় ৷ উক্ত সভাত পৰিবহন বিভাগৰ কেইবাজনো উচ্চ পদস্থ বিষয়াই যান-বাহন চলাচলৰ নীতি নিয়মৰ সন্দৰ্ভত বাখ্যা আগবঢ়োৱাৰ লগতে পথ দুৰ্ঘটনা কিদৰে হ্ৰাস কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰে ৷

পথ সুৰক্ষা মাহৰ উপলক্ষে শিৱসাগৰত সজাগতা সভা

ইয়াৰ উপৰিও পথ সুৰক্ষাৰ মাহৰ কাৰ্যসূচী লগত সংগতি ৰাখি জিলা পৰিবহণ বিভাগে বিদ্যালয়, মহাবিদ্যালয়, সামাজিক স্থানত অনুষ্ঠিত কৰা সজাগতা সভা, বাটৰ নাট আদিৰ খতিয়ান দাঙি ধৰে। ইফালে এই সভাতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পথ সুৰক্ষা বিষয়ত আয়োজন কৰা প্ৰতিযোগিতা সমূহৰ বিজয়ী সকলক বঁটা প্ৰদান কৰা হয়।

উল্লেখ্য যে, এই অনুষ্ঠানত জিলা পৰিবহণ বিষয়া সিদ্ধাৰ্থ শইকীয়া উদ্যোগত ৰাইজৰ অভিযোগ-প্ৰতিঅভিযোগ লাভ কৰিবৰ বাবে এখন ফলক উন্মোচন কৰা হয় ৷ সভাত জিলা প্ৰশাসনৰ লগতে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:পিতা-পুত্ৰীৰ সম্পৰ্কক অবৈধ ৰূপত প্ৰকাশ কৰা বাতৰিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details