শিৱসাগৰ,12 জুন : ১৯৬০ চনতে প্ৰতিষ্ঠা হোৱা অসমৰ এখন অন্যতম পুৰণি কৃষিপাম সমবায় সমিতি 'বীৰাংগনা মূলাগাভৰু কৃষিপাম সমবায় সমিতি'ৰ উদ্যোগত আয়োজিত সামূহিক কৃষিকাৰ্যৰ শনিবাৰে শুভাৰম্ভণী কৰে । শিৱসাগৰৰ ডিমৌ নদীৰ পাৰৰ ঐতিহাসিক ডিমৌ পথাৰত ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই শুভাৰম্ভ কৰে কঠিয়া সিঁচাৰ পৰ্ব ।
ঐতিহাসিক ডিমৌপথাৰত কঠিয়া সিঁচিলে অতুল বৰাই - কৃষি মন্ত্ৰী
প্ৰায় ১৪৫ বিঘা মাটিত সামূহিক ভাৱে ৰঞ্জিত, শালিকে ধৰি বিভিন্ন প্ৰজাতিৰ ধানৰ খেতি কৰা উদেশ্য কৃষি মন্ত্ৰী অতুল বৰাই সিঁচিলে কঠিয়া । অত্যাধুনিক কৃষি পদ্ধতিৰে সমবায় ভিত্তিক কৃষিকৰ্মৰে স্বাৱলম্বনৰ লগতে বৰ্তমান সময়ত এক আদৰ্শ প্ৰতিষ্ঠাৰ লক্ষ্যৰে কৃষি মন্ত্ৰী গৰাকীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি সদৰি কৰিছে ৷
![ঐতিহাসিক ডিমৌপথাৰত কঠিয়া সিঁচিলে অতুল বৰাই ঐতিহাসিক ডিমৌপথাৰত কঠিয়া সিঁচিলে অতুল বৰাই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12110869-thumbnail-3x2-ssss.jpg)
উল্লেখযোগ্য যে, প্ৰায় ১৪৫ বিঘা মাটিত সামূহিক ভাৱে ৰঞ্জিত, শালিকে ধৰি বিভিন্ন প্ৰজাতিৰ ধানৰ খেতি কৰা উদেশ্য সিঁচিলে কঠিয়া । অত্যাধুনিক কৃষি পদ্ধতিৰে সমবায় ভিত্তিক কৃষিকৰ্মৰে স্বাৱলম্বনৰ লগতে বৰ্তমান সময়ত এক আদৰ্শ প্ৰতিষ্ঠাৰ লক্ষ্যৰে কৃষি মন্ত্ৰী গৰাকীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ।
অৱশ্যে সমবায় ভিত্তিক কৃষি উৎপাদন, ক্ৰমহ্ৰাসমান ধানৰ মূল্য আদিকে কৰি বিভিন্ন সমস্যা সমাধানৰ বাবে চৰকাৰে চেষ্টা অব্যাহত ৰখাৰ চেষ্টা চলাইছে বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে সাংবাদিকৰ আগত । আজিৰ এই অনুষ্ঠানত অতুল বৰাৰ সৈতে উপস্থিত থাকে ৰাজহ মন্ত্ৰী যোগেন মহন আৰু সাংসদ তপন কুমাৰ গগৈ ।
লগতে পঢ়কঃ অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তৰ ৰোষত অসমৰ অতিৰিক্ত মুখ্য সচিৱ