অসম

assam

By

Published : Jul 5, 2023, 4:10 PM IST

ETV Bharat / state

Suicide case in Sivasagar:আমগুৰিত পাৰিবাৰিক কন্দলৰ বাবে মহিলাৰ আত্মহত্যাৰ প্ৰচেষ্টা

আমগুৰিত মহিলাৰ আত্মহত্যাৰ প্ৰচেষ্টা । মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ লোকে উত্থাপন কৰা অভিযোগ অনুসৰি স্বামী গৃহত দীৰ্ঘদিন ধৰি নিৰ্যাতনৰ বলি হৈ আহিছিল মহিলাগৰাকী ।

Suicide case in Sivasagar
আমগুৰিত সংঘটিত হৈছে অঘটন

আমগুৰিত সংঘটিত হৈছে অঘটন

আমগুৰি, ৫ জুলাই:শিৱসাগৰ জিলাৰ আমগুৰিত সংঘটিত হৈছে অঘটন । পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতিত এগৰাকী মহিলাই আত্মহত্যাৰ প্ৰচেষ্টা চলোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ লোকে উত্থাপন কৰা অভিযোগ অনুসৰি স্বামী গৃহৰ পৰিয়ালে দীৰ্ঘদিনৰ পৰাই শাৰীৰিক-মানসিকভাৱে নিৰ্যাতন চলাই অহা বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হ'বলৈ পালে ।

জানিব পৰা মতে,শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰভেঁটি গাঁৱৰ দুই সন্তানৰ মাতৃগৰাকীয়ে নিজৰ হাত কাটি, বিহপান কৰাৰ পিচত জাঁজী নদীত জপিয়াই আত্মহত্যাৰ চেষ্টা কৰে । এই ঘটনাটো মঙলবাৰে সন্ধ্যা সংঘটিত হয় । আমগুৰি আৰক্ষীয়ে আত্মহত্যাৰ চেষ্টা কৰা মহিলাগৰাকীক জাঁজী নদীৰ পৰা উদ্ধাৰ কৰি ততাতীয়াকৈ আমগুৰি চিকিৎসালয়ত ভৰ্তি কৰে । আমগুৰিত প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:Constituency Delimitation 2023 : সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক আদৰণি ইউপিপিএলৰ

উল্লেখ্য যে এই ঘটনাটো স্বামী নথকা অৱস্থাত সংঘটিত হয় । ইয়াকে লৈ সৃষ্টি কৰিছে চাঞ্চল্যৰ । মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ লোকে উত্থাপন কৰা অভিযোগ অনুসৰি স্বামী গৃহত দীৰ্ঘদিন ধৰি পাৰিবাৰিক কন্দল চলি আছিল । ইতিমধ্য়ে এই ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ লোকে আমগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

উল্লেখ্য যে ১২ বছৰ পূৰ্বে আমগুৰি বৰভেঁটি গাঁৱৰ এজন যুৱকৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল চাৰিং সন্দিকৈ গাঁৱৰ যুৱতীগৰাকী । ইয়াৰ পিচত তেওঁলোকৰ যুগ্ম জীৱনৰ সাক্ষী ৰূপে দুই কন্যা সন্তানৰ জন্ম হয় । তাৰ পিচতো মহিলাগৰাকীক দীৰ্ঘদিন ধৰি শাৰীৰিক-মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল স্বামী গৃহৰ লোকসকলে । সেই বাবেই এই ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ কৰিছে মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ লোকে ।

লগতে পঢ়ক:HIV Scenario in Tinsukia: অবাধ গতিত চলা নিষিদ্ধ ড্ৰাগছৰ ফলত তিনিচুকীয়াত‌ মাৰাত্মক HIV য়ে লৈছে ভয়ংকৰ ৰূপ

ABOUT THE AUTHOR

...view details