আমগুৰি, ২০ আগষ্ট: শিৱসাগৰৰ হালোৱাটিঙত পোনা গগৈ নামৰ এজন লোকে দাৰে ঘপিয়াই এজন যুৱকক হত্যাৰ অপচেষ্টা(youth stabbed at Halowating in Sivasagar)চলোৱাত স্থানীয় লোকসকল ত্ৰাসিত হৈছে । ঘটনাৰ বিৱৰণী অনুসৰি জিলাখনৰ বৰছিলাৰ নিবাসী তথা বিভিন্ন অভিযোগত অভিযুক্ত গগৈয়ে হালোৱাটিঙৰ নেপালী বস্তিৰ নৱ কুমাৰ ফুকনৰ পৰিয়ালক ধন-সোণ নিয়াৰ লগতে মৃত্যু ভয় দেখুৱাই আহিছিল। অভিযুক্ত গগৈয়ে হালোৱাটিঙৰ নেপালী বস্তিৰ নৱ কুমাৰ ফুকন নামৰ যুৱকজনক দীৰ্ঘদিন ধৰি ধন দাবী কৰি আহিছিল । ধন নিদিয়া বাবেই নৱক চোকা অস্ত্ৰৰে মুৰত ঘপিয়াই হত্যাৰ অপচেষ্টা কৰে ।
হালোৱাটিঙত দাবী কৰা ধন নিদিয়া বাবেই ঘপিয়ালে যুৱকক ভুক্তভোগীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি এই লোকজনক মাতৃৰ সোনৰ চেইন,মেট্ৰিকত লাভ কৰা লেপটপ বিক্ৰী কৰি দিবলগীয়া হৈছিল বৃহৎ পৰিমাণৰ ধন । ইয়াৰ পিছতো তেওঁ ধন দাবী কৰি আহিছিল । এই দাবী কৰা ধন নিদিয়া বাবে পোনা গগৈৰ দাৰ ঘাপত মূৰত ১৭ টা আৰু আঙুলিত ৮ টাকৈ চিলাই পৰে ভুক্তভোগী নৱৰ ।
আনহাতে,মটৰ চাইকেলৰ টেংকীতো তিনিটাকৈ ঘাপ মাৰে উন্মত্ত গগৈয়ে । অভিযুক্ত গগৈয়ে আৰক্ষীৰ ভয় দেখুৱাই ড্ৰাগছৰ বেহা চলাই থকা বুলি অভিযোগ তুলি নৱক আৰক্ষীক ধৰাই দিব বুলি ভীতি প্ৰদৰ্শন কৰাৰ অভিযোগ আনিছে ভুক্তভোগী পৰিয়ালটোৱে । ইতিমধ্য়ে উক্ত ঘটনা সন্দৰ্ভত যুৱকজনৰ মাতৃ মনীষা ঘৰফলীয়া ফুকনে হালোৱাটিং আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে । হালোৱাটিং আৰক্ষীয়ে এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৪৪৭/৩৩৬/৫০৬ ধাৰাত(Section 447/336/506 of IPC) ১৫/২০২২ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । অৱশ্য়ে এই পৰ্যন্ত অভিযুক্ত পোনা গগৈক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।
স্মৰ্তব্য যে পোনা গগৈয়ে দীৰ্ঘদিন ধৰি উক্ত অঞ্চলটোত বিভিন্ন লোকক ভয়-ভাবুকিৰে ত্ৰাসিত কৰাৰো অভিয়োগ উত্থাপিত হৈ আহিছে । কিছুদিনৰ পূৰ্বে আমগুৰিৰ এগৰাকী বিদ্যুৎ কৰ্মীক আক্ৰমণ কৰিছিল । স্থানীয় ৰাইজে শীঘ্ৰেই দোষীক কৰায়ত্ত কৰিবলৈ আৰক্ষীক দাবী জনাইছে ।
লগতে পঢ়ক:ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যা পঞ্চায়তৰ সদস্যৰ