শিৱসাগৰ, 23 জানুৱাৰী:এসময়ত অসমৰ আকাশত জাকে জাকে প্ৰত্যক্ষ কৰা শগুন সম্প্ৰতি বিলুপ্তিৰ পথলৈ গতি কৰিছে ৷ কাৰণ বিভিন্ন সময়ত, বিভিন্ন কাৰণত মৃত্যু হৈছে শগুনৰ ৷ ফলত ভাবুকি আহি পৰিছে শগুনৰ অস্তিত্বৰ প্ৰতি ৷ এইবাৰ পুনৰ শিৱসাগৰৰ বৰগিলা বিলৰ সমীপত নাওজানত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা ৷ একেলগে মৃত্যু হৈছে 25 টাকৈ দুষ্প্ৰাপ্য শগুনৰ (vulture death in Sivsagar) ৷ শগুনৰ মৃত্যুৰ খবৰে এতিয়া হতচকিত কৰি তুলিছে প্ৰকৃতি প্ৰেমীক ৷
উল্লেখ্য যে, মৃত গৰুৰ মাংস ভক্ষণ কৰাৰ পিচতেই সোমবাৰে একেলগে মৃত্যু হয় 25টাকৈ শগুনৰ (Endangered vulture died in Assam) ৷ লগতে অসুস্থ হৈ পৰে আন 8টা শগুন ৷ উল্লেখ্য যে, মৃত শগুন কেইটাৰ কাষতে স্থানীয়লোকে প্ৰত্যক্ষ কৰে এটুকুৰা গো-মাংস ৷ সেয়েহে কোনো দুষ্ট লোকে মৃত গৰুটোত বিহ ঢালি দিয়াৰ পিচত সেই মাংস ভক্ষণ কৰি শগুন কেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে (Vulture die by suspected poisoning) ৷ আনহাতে অসুস্থ 8 টা শগুন উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে বন বিভাগে ৷
ইফালে, শগুন কেইটা পৰীক্ষা কৰাৰ অন্ততহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হ’ব বুলি উল্লেখ কৰিছে বন বিভাগে ৷ আনহাতে প্ৰায় 4 বছৰ পূৰ্বেও শিৱসাগৰ জিলাত মৃত্যু হৈছিল প্ৰায় 200 শগুনৰ ৷ পুনৰ জিলাখনত সংঘটিত হোৱা এনে আকষ্মিক ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে ৷ লগতে ঘটনাৰ উচিত তদন্তৰো দাবী জনাইছে সচেতন ৰাইজে ৷