অসম

assam

ETV Bharat / state

শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইন ২০১৯, ই.আই.এ ২০২০ বাতিল কৰাৰ লগতে শিৱসাগৰ জিলা উন্নয়নৰ স্বাৰ্থত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে ৷ শিৱসাগৰ জিলা উপায়ুক্তৰ কার্যলয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷

assu-protest-at-sivasagar
শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Feb 10, 2021, 4:05 PM IST

শিৱসাগৰ, 10 ফেব্ৰুৱাৰী : বুধবাৰে শিৱসাগৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে ৷ নাগৰিকত্ব সংশোধনী আইন ২০১৯, ই.আই.এ ২০২০ বাতিল কৰাৰ লগতে শিৱসাগৰ জিলা উন্নয়নৰ স্বাৰ্থত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আছুৰ শিৱসাগৰ জিলা সমিতিয়ে ৷

শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

শিৱসাগৰ জিলা উপায়ুক্তৰ কার্যলয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ বুধবাৰৰ দিনৰ 12 বজাৰ পৰা শিৱসাগৰ জিলা ছাত্ৰ সন্থাই গ্ৰহণ কৰা ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে, প্ৰতিবাদস্থলীত আছু নেতৃত্বই সাংবাদিকক সম্বোধন কৰি শংকৰদেৱ শিশু নিকেতন বন্ধ কৰি দিয়া হ'ব বুলি ৰাইজৰ দলৰ নেতাই কৰা মন্তব্যকো কঠোৰভাৱে সমালোচনা কৰে ৷ ভৱিষ্যতলৈ এনে মন্তব্য নকৰিবলৈ আছুৰ শিৱসাগৰ জিলা নেতৃত্বই সকিয়াই দিয়ে ৷

লগতে পঢ়ক: অখিল গগৈৰ মাতৃৰ বিয়োগ বুলি সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ একাংশৰ

ABOUT THE AUTHOR

...view details