আমগুৰি,৬ জানুৱাৰী:গৌৰীসাগৰত মৰণফান্দত পৰিণত হোৱা চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত নিৰ্মাণকাৰী সংস্থাৰ লেহেমীয়া গতিৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ । নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী শিৱা হাৰলালকাক গ্ৰেপ্তাৰৰ দাবী অসমীয়া যুৱ মঞ্চৰ । গৌৰীসাগৰৰ ভটীয়াপাৰত প্ৰতিবাদ জাতীয় সংগঠনটোৰ এন এইচ আই ডিচিএল মুৰ্দাবাদ, কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ,চাৰিলেনযুক্ত পথ নিৰ্মাণত দুৰ্নীতি বন্ধ কৰক, শিৱা হাৰলালকাক গ্ৰেপ্তাৰ কৰক আদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগঠনটোৱে ।
উল্লেখ্য যে চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ নামত উজনিৰ শিৱসাগৰ জিলাত জাঁজীৰ পৰা ডিমৌ পৰ্যন্ত ঠিকাদাৰী প্ৰতিষ্ঠানৰ ব্যাপক হেমাহিৰ বিৰুদ্ধে সোঁচ্চাৰ হৈ উঠে অসমীয়া যুৱ মঞ্চ । ডিমৌৰ পৰা জাঁজীলৈকে চাৰিলেনযুক্ত পথৰ নিৰ্মাণকাৰ্য ২০২১ চনতে সম্পূৰ্ণ কৰিব লাগিছিল । ২০১৪ চনতে কাম আৰম্ভ কৰি আজি পৰ্যন্ত ৫০ শতাংশ কামো সম্পূৰ্ণ নহ'ল । বৰঞ্চ কোটি কোটি টকা লৈ ইটোৰ পিছত সিটো ঠিকাদাৰী প্ৰতিষ্ঠানে আধাতে কাম এৰি উধাও হোৱাৰ অভিযোগ উত্থাপন হৈছে ।